অসম

assam

ETV Bharat / videos

অসমত CAA ৰ কোনো প্ৰয়োজন নাই: নৱ শৰণীয়া

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 8:14 PM IST

বাক্সা,১৬ মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ । কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে । বৰমাত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সম্বোধন কৰে এখন সংবাদমেলৰ । ভাৰতৰ ৫০ টা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন GSPয়ে । শনিবাৰে বৰমা দুৰ্গা মন্দিৰ প্ৰাংগণত কোকৰাঝাৰ সমষ্টিৰ জি.এচ.পি.ৰ কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে নৱ কুমাৰ শৰণীয়াই ।  

বিটিচিত ইউপিপিএল বিজেপিৰ সৈতে কোনো মিত্ৰতা নাই জি.এচ.পি.ৰ । নিৰ্বাচনী প্ৰচাৰত মিত্ৰতা থকা বুলি ক'লে নিৰ্বাচনী আয়োগৰ কাষ চাপিব নৱ কুমাৰ শৰণীয়া । কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী যুঁজত, সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত নৱ কুমাৰ শৰণীয়াক পুণৰ কোকৰাঝাৰৰ ৰাইজে আকোৱালি ল'ব বুলি মত প্ৰকাশ শৰণীয়াৰ । ইফালে CAA সন্দৰ্ভত তেওঁ কয় যে অসমত CAA ৰ কোনো প্ৰয়োজন নাই । 

লগতে পঢ়ক: দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ পদত্যাগী সাংসদ আব্দুল খালেকৰ

ABOUT THE AUTHOR

...view details