অসম

assam

ETV Bharat / videos

তেলৰ অভাৱত মাজুলীত বন্ধ চৰকাৰী ফেৰী সেৱা - MAJULI FERRY SERVICE

By ETV Bharat Assamese Team

Published : 19 hours ago

মাজুলী : ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে । ৰাজ্যজুৰি বিহুৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । তাৰ মাজতে মাজুলীবাসীৰ বাবে হতাশাজনক খবৰ । মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ফেৰীঘাটত চৰকাৰী ফেৰীৰ চলাচল বন্ধ হৈছে ৷ তেলৰ অভাৱৰ বাবে বন্ধ হৈ পৰিছে এই ফেৰী সেৱা ৷ 

জানিব পৰা মতে চৰকাৰী ফেৰীসমূহৰ বাবে বিভাগে যোগান দিব পৰা নাই ডিজেল । এন আৰ এলক টকা দিব নোৱৰাৰ বাবেই প্ৰতিষ্ঠানটোৱে তেলৰ যোগান বন্ধ কৰি দিছে । যাৰ ফলত বন্ধ থাকিব মাজুলী-নিমাতিৰ মাজত চলা চৰকাৰী ফেৰী সেৱা । গুটিয়া ফেৰীসমূহহে কেৱল চলাচল কৰিব ।

মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ মাধ্যম এই ফেৰী সেৱা । এই ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে একপ্ৰকাৰ গৃহ বন্দী হৈ পৰে মাজুলীৰ জনসাধাৰণ । কেইবছৰমান আগলৈ মাজুলী-নিমাতিৰ মাজত কেৱল গুটিয়া ফেৰীসমূহৰহে চলাচল হৈছিল ৷ পৰৱৰ্তী সময়ত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী ফেৰীৰ (জাহাজ)ব্যৱস্থা কৰা হৈছিল । কিন্তু তেলৰ অভাৱত এই ফেৰী সেৱা বন্ধ হোৱাত সমস্যাত পৰিছে মাজুলীবাসী ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী যাত্ৰীয়ে কয়,"তেলৰ অভাৱত চৰকাৰী জাহাজ বন্ধ হৈছে । এয়া দুৰ্ভাগ্যৰ কথা । মাজুলীৰ ৯০ শতাংশ মানুহ যোৰহাটলৈ আহিবলগীয়া হয় । আজি এই ফেৰী সেৱা বন্ধ হোৱাৰ বাবে ৰোগীসকল যাব পৰা নাই । নিতৌ জাহাজৰ পৰা ধন সংগ্ৰহ হয় । তাৰ পিছতো তেল ভৰাব নোৱৰাটো ৰহস্যৰ কথা । কি কাৰণত হৈছে আমাক উত্তৰ লাগে । আজিৰ ভিতৰত যাতে তেলৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে আমি দাবী জনালো ।"

লগতে পঢ়ক :উমৰাংছ'ৰ কয়লাখনিত NDRF-এ আৰম্ভ কৰিছে পানী নিষ্কাশন - ASSAM COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details