অসম

assam

অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত একেটা পৰিয়ালৰে শিশুসহ ৪ জন গুৰুতৰভাৱে আহত - 4 Family Members injured

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 11:10 PM IST

অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত একেটা পৰিয়ালৰে শিশুসহ ৪ জন গুৰুতৰভাৱে আহত (ETV Bharat Assam)

ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা ঘটনাৰ লগত ডিব্ৰুগড় আৰক্ষী ব্যস্ত থকা সময়তে ডিব্ৰুগড়ত নিশা ঘূৰিছে দুৰ্বৃত্তৰ দল । মঙলবাৰে নিশা চাবুৱাৰ জেৰাই গাঁৱত শোৱাপাটীতেই দুৰ্বৃত্তই জলসম্পদ বিভাগৰ এজন কৰ্মচাৰীক হত্যা কৰা পাছতে প্ৰায় একে ঘটনা সংঘটিত হৈছে জিলাখনৰে চাউলখোৱাত । ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।

মঙলবাৰেই নিশা মাজভাগত ১২ জনীয়া চোকা অস্ত্ৰধাৰী দলে আক্ৰমণ কৰিলে এটা পৰিয়ালত । আক্ৰমণত শিশুসহ ৪ জন গুৰুতৰভাৱে আহত হয় । সংকটজনকভাৱে আহতসকলক নিশাই অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে চাউলখোৱা ৰেল ষ্টেচনৰ সমীপৰ নিবাসী বিকি আলি নামৰ ব্যক্তিজনৰ ঘৰত ১২ জনীয়া দলে মাজনিশা প্ৰৱেশ কৰি পৰিয়ালটোক চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ উদ্যত হয় ।

ঘৰৰ খিৰিকীৰ গ্লাছ ভঙাৰ লগতে সামগ্ৰীও লণ্ডভণ্ড কৰে । ঘৰৰ গৰাকী বিকি আলি দলটোৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । এই আক্ৰমণৰ সময়ত গুৰুতৰ ৰূপে আহত হয় মমতাজ বেগম, ফাতেমা বেগম আৰু এটি ১২ বছৰীয়া শিশু । ইতিমধ্যে আক্ৰমণকাৰী দলটো চিনাক্ত হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । পৰিয়ালটোৰ ওপৰত নিশা ১২ জনীয়া দলটোৱে কিয় আক্ৰমণ কৰিলে সেই কথা জানিব পৰা হোৱা নাই ।

বুধবাৰে পুৱা ডিব্ৰুগড় আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা বহু সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পাছতে এই ঘটনাৰ প্ৰকৃত কাৰণ কি জানিব পৰা যাব ।

লগতে পঢ়ক: পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই কন্যা - Daughter injured in Father attack

ABOUT THE AUTHOR

...view details