অসম

assam

ভোট গ্ৰহণৰ প্ৰাকক্ষণত নাহৰকটীয়া সমষ্টিৰ অজাপৰ সদস্যৰ গৃহত অগ্নিসংযোগ - Fire in Naharkatia

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 8:44 AM IST

অজাপৰ সদস্যৰ গৃহত অগ্নি সংযোগ দুস্কৃতিকাৰীৰ !

ডিব্ৰুগড়, ১৯ ‌এপ্ৰিল : আজি ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা মাজতেই নাহৰকটীয়াৰ ন-চাউদাং প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ড ।

ভোট গ্ৰহণৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে নিশা নাহৰকটীয়া সমষ্টিৰ চাৰিটাকৈ গৃহত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে । এই অভিযোগ অঞ্চলটোৰ একাংশ লোকৰ ৷ অসম জাতীয় পৰিষদৰ একাংশ লোকে উল্লেখ কৰা অনুসৰি, বিৰোধীয়ে সংঘটিত কৰিছে এই হিংসাত্মক কাৰ্য ৷ কিয়নো ন-চাউদাং গাঁৱৰ ভুক্তভোগী আদিত্য গগৈ হৈছে অসম জাতীয় পৰিষদৰ এজন সংক্ৰিয় সদস্য ৷

জানিব পৰা মতে, আদিত্য গগৈৰ ঘৰৰ বাৰাণ্ডাৰ চালি, পৱন বৰাৰ চাহ বাগিচাৰ পাত থোৱা ঘৰৰ লগতে‌ একেখন গাঁৱৰে প্ৰবীণ গগৈ আৰু‌ যাদৱ বড়াৰ গৃহত কোনো‌ দুস্কৃতিকাৰীয়ে নিশা অগ্নিসংযোগ কৰে । ইফালে ঘটনা সংঘটিত হোৱাৰ সমীপতে আছে ন-চাউদাং প্ৰাথমিক বিদ্যালয়ৰ ৩৫ নং ভোট কেন্দ্ৰটো ।

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে‌ চাঞ্চল্য সৃষ্টি কৰিছে । নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : আজি কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details