শ্যাম গাঁৱত মুখ্যমন্ত্ৰীয়ে উৰুৱালে আকাশ বন্তি অৰ্থাৎ ফুংফাই
Published : Feb 14, 2024, 9:56 PM IST
|Updated : Feb 14, 2024, 10:35 PM IST
সৰুপথাৰ, ১৪ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আৰম্ভ কৰিছে গাঁও চলো অভিযান ৷ ইয়াৰ অংশ হিচাপে দলটোৰ নেতাসকলে গাঁৱে গাঁৱে গৈ বুজ লৈছে ৰাইজৰ অভাৱ অভিযোগৰ ৷ গাঁৱত নিশা কটাইছে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কেও ৷ গাঁও চলো অভিযানৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ ১ নং ৰজাপুখুৰী শ্যাম গাঁৱত বুধবাৰে উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰীক কাষতে পাই শ্যাম গাঁওবাসী উৎফুল্লিত হৈ পৰে । বৌদ্ধ ধৰ্মাৱলম্বী গাঁওখনত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সন্ধিয়ালৈ বৌদ্ধ বিহাৰত উপাসনা কৰাৰ লগতে ফুংফাই অৰ্থাৎ আকাশ বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীয়ে । নিশা গাঁওখনৰ বিভিন্নজনৰ ঘৰে ঘৰে যোৱা দেখা গ’ল ড৹ শৰ্মাক । শ্যাম গাঁৱৰ ৰাইজে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বুধবাৰৰ নিশাটো গাঁওখনতে যাপন কৰিব হিমন্ত বিশ্ব শৰ্মাই । চাংঘৰত নৈশ যাপন কৰি ৰাইজৰ সৈতে তেওঁ মত-বিনিময় কৰে । গ্ৰহণ কৰে পৰম্পৰাগত খাদ্য । মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ উখল-মাখল হৈ পৰিছে গাঁওখন ৷
লগতে পঢ়ক: বিজেপিৰ এই 'গাঁও চলো অভিযান’ কি ?