অসম

assam

ETV Bharat / videos

ৰকিবুল হুছেইন আৰু ভূপেন বৰাই ক'লে ৰাজ্যত একেদিনাই গো-মাংস বন্ধ কৰি দিম: মুখ্যমন্ত্ৰী - CM HIMANTA BISWA SARMA

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 6:44 PM IST

কাছাৰ: "ৰকিবুল হুছেইন আৰু ভূপেন বৰাই ক'লে ৰাজ্যত একেদিনাই গো-মাংস বন্ধ কৰি দিম ।" ৰকিবুল হুছেইনক কটাক্ষ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে গো-হত্যা কৰি নিৰ্বাচন জিকা বুলি ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আনিছিল অভিযোগ ৷

দেওবাৰে কাছাৰৰ লক্ষীপুৰ মহকুমা আদালতৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ । এক বিশাল সভা অনুষ্ঠিত কৰি লক্ষীপুৰ চহৰত নিৰ্মিত আদালতৰ এই নতুন ভৱনৰ উদ্বোধন কৰা হয় । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "বিচাৰ ব্যৱস্থাত দেৰি হ’লে ৰাইজৰ ওচৰলৈ বেয়া বাৰ্তা যায় । শিশু আৰু মহিলাৰ ক্ষেত্ৰত শীঘ্ৰেই বিচাৰ কৰি ন্যায় দিব লাগে ।"

ইয়াৰ পিছতে সংবাদমাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰসংগত দুখ প্ৰকাশ কৰি বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ হ'ব লাগে বুলি উল্লেখ কৰে । ইফালে ঝাৰখণ্ডৰ নিৰ্বাচনত অসমৰ ৩ হাজাৰ কোটি হিমন্ত বিশ্ব শৰ্মাই খৰচ কৰা বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, "অখিল গগৈ মোৰ একাউণ্টেণ্ট নেকি ?" ইয়াৰোপৰি আন কেইবাটাও প্ৰসংগতো মন্তব্য আগবঢ়ায় হিমন্ত বিশ্ব শৰ্মাই । 

লগতে পঢ়ক: বিজেপিয়ে কি কৰিলে, কি নকৰিলে ? ধেমাজিত খতিয়ান দিলে ৰকিবুল হুছেইনে

বহুকেইটা সংশোধনীৰে গৃহ নিৰ্মাণ উপ-আইন : কি আছে নতুনত্ব

ABOUT THE AUTHOR

...view details