জয়ন্ত বৰাক টিকট দিলে মুণ্ডন কৰিব জিলা সভাপতিয়ে
Published : Oct 20, 2024, 10:25 PM IST
বিশ্বনাথ: বিহালী সমষ্টিত উপ-নিৰ্বাচনকলৈ তীব্ৰ সংঘাত সৃষ্টি হৈছে কংগ্ৰেছত । অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী কোন হ'ব সেই লৈ কংগ্ৰেছৰে আন দলকেইটাৰে বিৰোধ আৰম্ভ হোৱাৰ সময়তেই এইবাৰ জিলা কংগ্ৰেছেই সকীয়ালে দলীয় হাইকমাণ্ডক । প্ৰয়োজনত কৰিব মুণ্ডন ।
বিজেপি দলে দিগন্ত ঘাটোৱাৰক টিকট প্ৰদান কৰা পিচতে বিৰোধী কংগ্ৰেছৰ মাজত দেখা দিছে তীব্ৰ সংঘাত । শেহতীয়াকৈ ৭৭ নং বিহালী বিধানসভাৰ আসনখন কংগ্ৰেছে চিপিআই (এমএল)ক এৰি নিদি নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলিছে । সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক টিকট দিব বুলি চৰ্চা চলাৰ সময়তেই বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই দলৰ এই সিদ্ধান্তক তীব্র বিৰোধিতা কৰিছে ৷
যদি কংগ্ৰেছে জয়ন্ত বৰাক টিকট দিয়ে তেন্তে জিলা সভাপতি দিলীপ বৰুৱাই মুণ্ডন কৰি প্ৰতিবাদ জনাই নিৰ্বাচনত সহযোগ নকৰে বুলি সকীয়াই দিছে । বিগত সময়ত কংগ্ৰেছ দলৰ বাবে পিতৃয়ে দুবছৰ জেল খাব লগা হৈছে বুলি উল্লেখ কৰি তেওঁ দল ত্য়াগ নকৰিলেও মুণ্ডন কৰিব বুলি এক সংবাদমেলযোগে দলীয় নেতৃত্বক সকীয়াই দিয়ে ।