অসম

assam

ETV Bharat / videos

'২৬ লৈকে বিজেপিৰ সংগ নেৰে অগপই - Atul Bora Remarks On Alliance - ATUL BORA REMARKS ON ALLIANCE

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:56 PM IST

গোলাঘাট, ২৭ জুলাই: গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাগৃহত শনিবাৰে অগপৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয় । এই সভাখনত গোলাঘাট জিলা অগপৰ সমূহ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে দলৰ সভাপতি অতুল বৰা । সভাখনত গোলাঘাট জিলাত অগপ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰা আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত মন্তব্য় কৰিলে দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ।

বৰাই বিজেপিৰ সৈতে থকা মিত্ৰতা সন্দৰ্ভত কয়," ২০২৬ চনৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত মিত্ৰদল বিজেপিৰ লগ নেৰে অগপই । অনুৰূপ ধৰণে আসন্ন পঞ্চায়ত নিৰ্বাচনতো পূৰ্বৰ দৰে মিত্ৰতা অক্ষুন্ন থাকিব অগপ-বিজেপিৰ ।"  

উল্লেখযোগ্য যে দীৰ্ঘসময় ধৰি কংগ্ৰেছ আৰু বিজেপিৰ দখলত থকা গোলাঘাট বিধানসভা সমষ্টিত শনিবাৰে অগপৰ সাংগঠনিক সভাখনত সীমান্ত উন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাই আলাপ আলোচনাৰ মাজেৰে দীৰ্ঘদিনীয়া অসম-নাগালেণ্ড সীমা সমস্যা সমাধানৰ পোষকতা কৰি কয়," পূৰ্বৰ তুলনাত বৰ্তমান অসম-নাগালেণ্ড সীমা বিবাদৰ ফলত ফলত হোৱা ঘটনাসমূহ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে । কেতিয়াবা ব্যক্তিগত কাজিয়াৰ বাবে কথা বহলাই কৈ দিয়া হয় । কিন্তু বৰ্তমান তেনে ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই ।"

লগতে পঢ়ক:অসমৰ বান সমস্যাক উপেক্ষা : পেকেজ বিচাৰি কেন্দ্ৰক দাবী জনাব অগপই - Flood assistance for Assam

উপ-নিৰ্বাচনক লৈ অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক : চৰ্চা পঞ্চায়ত নিৰ্বাচনক লৈও - Asom Gana Parishad

ABOUT THE AUTHOR

...view details