অসম

assam

ওৰেটো নিশা এডাল বিষাক্ত সাপৰ সৈতে শুই থাকি পুৱা হেৰুৱালে প্ৰাণ - Snake Bite incident in Dibrugarh

By ETV Bharat Assamese Team

Published : 4 hours ago

বিষাক্ত সাপে প্ৰাণ ল'লে মহিলাৰ (ETV Bharat Assam)

ডিব্ৰুগড়,২০ ছেপ্টেম্বৰ: অসমত বিভিন্ন প্ৰজাতিৰ বিষাক্ত সাপে বিচৰণ কৰাত শেহতীয়াকৈ কেইবাটাও ভয়ংকৰ ঘটনা ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছে । চিকিৎসক আৰু সৰ্প বিশেষজ্ঞসকলে এইক্ষেত্ৰত সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাই আহিছে । তেনেসময়ত শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ খোৱাঙত শুকুৰবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা । ওৰেটো নিশা এটা বিষাক্ত সাপৰ সৈতে শুই থাকি শেষত সেই সাপেই দংশন কৰাত মৃত্যুমুখত পৰে এগৰাকী বৃদ্ধা । এই ঘটনা সংঘটিত হৈছে খোৱাঙৰ বৰবিল ব্লক গাঁৱত ।  

ঘটনা অনুসৰি খোৱাং বৰবিল ব্লক গাঁৱৰ দুখনী কৰোৱা নামৰ বৃদ্ধাগৰাকীয়ে শুকুৰবাৰে পুৱা শোৱাৰ পৰা উঠি বিচনা ঠিক কৰাৰ সময়তে এটা বিষাক্ত ফেঁটী সাপে দংশন কৰে বৃদ্ধাগৰাকীক । ইয়াৰ পিছতে বৃদ্ধাগৰাকীক স্থানীয় খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসালয় গৈ পোৱাৰ পিছতে মৃত্যু হয় বৃদ্ধাগৰাকীৰ । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মাটিত কাঠ পাৰি শোৱে বৃদ্ধাগৰাকীয়ে । সম্ভৱতঃ সেই কাঠৰ তলতে বৃদ্ধাগৰাকীৰ সৈতে সহাৱস্থান কৰি আছিল সাপটোৱে । আজি পুৱা বিচনাখন তোলাৰ সময়তে সাপটোৱে দংশন কৰে তেওঁক । 

লগতে পঢ়ক: সৰ্পদংশনত মৃত্যু দুষ্প্রাপ্য মেঠোনৰ

বেজ-বেজালীৰ পৰিৱৰ্তে সৰ্প দংশনৰ আধুনিক চিকিৎসাত গুৰুত্ব দিয়াৰ আহ্বান চিকিৎসকৰ - Modern treatment of Snake Bite

অবিশ্বাস্য ! অষ্টমবাৰৰ বাবে সাপে দংশন কৰিলে উত্তৰ প্ৰদেশৰ বিকাশক - Snake Bites youth for 8 Times

ABOUT THE AUTHOR

...view details