বৰ গৰম ! কাজিৰঙাৰ জলাশয়ত জলকেলি বন্যহস্তীৰ - Amazing video of wild elephants - AMAZING VIDEO OF WILD ELEPHANTS
Published : May 27, 2024, 5:36 PM IST
কাজিৰঙা, 27 মে’: যোৱা কেবাটাও দিনত উৎকট গৰমে জ্বলা-কলা খুৱালে ৰাজ্যবাসীক ৷ দেওবাৰে নিশা অহা ধুমুহা-বৰষুণৰ পিচত তাপমান কিছু হ্ৰাস পাইছে যদিও উত্তাপ বৰ বিশেষ কমা নাই ৷ দেওবাৰে তাপমাত্ৰা আছিল ৩৯ ডিগ্ৰী চেলছিয়াছ । এই তাপমাত্ৰাই দহিছিল কাজিৰঙাৰ জীৱকুলকো । যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত সাঁতুৰি-নাদুৰি, শীতল পানীত জোবোৰা মাৰি গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিলে একাংশ বনজ জীৱই ৷ তাৰেই এক নান্দনিক মুহূৰ্ত কেমেৰাত বন্দী কৰিছে এজন পথচাৰীয়ে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত উৎকট গৰমৰ মাজতে জলকেলি কৰা দেখা গ’ল এজাক বন্যহস্তীক ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে গৈ থাকোঁতেই এজন পথচাৰীয়ে এই নান্দনিক দৃশ্য কেমেৰাত আৱদ্ধ কৰে ৷ এই দৃশ্যই আপ্লুত কৰিছে বিভিন্নজনক ৷
লগতে পঢ়ক: লাংৱকু জলপ্ৰপাতস্থলী পৰিদৰ্শন বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ - Langvoku Waterfall
লগতে পঢ়ক: গ্ৰীষ্মপ্ৰবাহৰ মাজতো অসমৰ কোন ঠাইত পাব শীতৰ আমেজ - HEATWAVE IN ASSAM