অসম

assam

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ LIVE - PM Modi Addresses Nation

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:52 AM IST

Updated : Aug 15, 2024, 9:36 AM IST

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ (ANI)
আজি দেশে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে ৷ ৰাষ্ট্ৰীয় ৰাজধানীৰ লালকিল্লা মূল অনুষ্ঠানৰ বাবে সকলো সজাই তোলা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ঐতিহাসিক স্মৃতিসৌধৰ প্ৰাচীৰৰ পৰা দেশবাসীৰ আগত একেৰাহে একাদশবাৰলৈ ভাষণ প্ৰদান কৰিছে । এইবাৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘বিকাশিত ভাৰত @২০৪৭’ । ইয়াৰ উদ্দেশ্য ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকী দিৱসত ভাৰতক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ দিশত চৰকাৰৰ প্ৰচেষ্টাক আগুৱাই নিয়া । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সৰ পৰা দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্ট কৰি কয়, "মোৰ সতীৰ্থ ভাৰতীয়সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা । জয় হিন্দ !"
Last Updated : Aug 15, 2024, 9:36 AM IST

ABOUT THE AUTHOR

...view details