হায়দৰাবাদ: বৃহস্পতিবাৰে OpenAI এ আমেৰিকা আৰু কানাডাত এক বৃহৎ ঘোষণা কৰে । এতিয়া লেণ্ডলাইন ফোনতো হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ ChatGPT উপলব্ধ । ব্যৱহাৰকাৰীসকলে 1-800 ডায়েল কৰি প্ৰতিমাহে 15 মিনিটলৈকে ChatGPT ৰ সৈতে কথা পাতিব পাৰিব ।
ChatGPT ৰ বাবে চাবস্ক্ৰিপচনৰ প্ৰয়োজন নাই
এতিয়া ChatGPT ব্যৱহাৰ কৰাটো আগৰ তুলনাত বহুত সহজ হৈ পৰিছে । ফোন লাইনত ChatGPTৰ সৈতে কথা পাতিবলৈ কোনো অতিৰিক্ত চাবস্ক্ৰিপচনৰ প্ৰয়োজন নহ’ব । ব্যৱহাৰকাৰীয়ে ChatGPT ত ব্যক্তিগত প্ৰশ্ন সুধিব পাৰে । WhatsApp তো ChatGPT ব্যৱহাৰ কৰিব পাৰিব । WhatsApp ত ChatGPT কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক--
ৱেবছাইট বা এপ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই
যদি আপুনিও ChatGPT ব্যৱহাৰ কৰি আছে, তেন্তে কোম্পানীয়ে আপোনাৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে । হয়, এতিয়া ChatGPT ব্যৱহাৰ কৰিবলৈ ৱেবছাইট বা এপ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই । WhatsApp ৰ জৰিয়তে মেছেজ প্ৰেৰণ কৰিও ChatGPT ব্যৱহাৰ কৰিব পাৰিব । বিশ্বৰ যিকোনো ব্যক্তিয়ে ফোন নম্বৰ - 1-800-242-8478 ব্যৱহাৰ কৰি ChatGPT লৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে । X ত এটা পোষ্ট শ্বেয়াৰ কৰি OpenAI এ ChatGPT কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও জনাইছে-