নিউজ ডেস্ক, 26 আগষ্ট:মেছেজিং এপ টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভক 24 আগষ্টৰ দিনা গ্ৰেপ্তাৰ কৰা হৈছিল ফ্ৰান্সৰ এটা বিমানবন্দৰত । ইয়াৰ পাচতেই উদ্বেগ বৃদ্ধি পাইছে টেলিগ্ৰাম ব্যৱহাৰকাৰীসকলৰ মাজত ৷ ধন দাবী, জুৱা আদি অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত মুখ্য কাৰ্যবাহী বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাচতে বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে আৰু টেলিগ্ৰামৰ তদন্ত আৰম্ভ কৰিছে ।
তদন্ত সন্দৰ্ভত চৰকাৰী বিষয়াৰ মতামত
Moneycontrol ৰ সৈতে হোৱা কথা-বতৰাত এগৰাকী চৰকাৰী বিষয়াই এই সন্দৰ্ভত কয়, "তদন্তৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি মেছেজিং এপতো নিষেধাজ্ঞা আৰোপ কৰিব পাৰি । এপটোত অপৰাধমূলক কাৰ্যকলাপ বন্ধ কৰিব নোৱাৰাৰ বাবেই ডুৰভক আটক কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ আছে ।"
চৰকাৰী বিষয়াগৰাকীয়ে পুনৰ কয়, “ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C) (গৃহ মন্ত্ৰণালয়ৰ অধীনত) আৰু MeitY টেলিগ্ৰামত পি টু পি যোগাযোগৰ তদন্ত কৰি আছে । গৃহ পৰিক্ৰমা মন্ত্ৰণালয় আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে চলাই থকা তদন্তত বিশেষভাৱে ধন দাবী আৰু জুৱাৰ দৰে অপৰাধমূলক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।"
ভাৰতত 50 লাখতকৈ অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী থকা এই প্লেটফৰ্মক ব্লক কৰিব পৰা যাব বুলি বিষয়াগৰাকীয়ে অস্বীকাৰ কৰা নাই যদিও তদন্তত যি পোহৰলৈ আহিব তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ’ব বুলিও কয় । শেহতীয়া বছৰবোৰত টেলিগ্ৰাম আৰু আন কিছুমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱা পৰিলক্ষিত হৈছে, য’ত কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা কেলেংকাৰীও অন্তৰ্ভুক্ত বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ।
শেহতীয়াকৈ UGC-NEET বিতৰ্কক লৈ টেলিগ্ৰামে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল । মেডিকেল প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে এনক্ৰিপ্ট কৰা মেছেজিং এপ টেলিগ্ৰামত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল বুলি প্ৰকাশ হৈছিল । প্ৰতিবেদন অনুসৰি এই প্লেটফৰ্মত প্ৰশ্নকাকত 5 হাজাৰৰ পৰা 10 হাজাৰ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছিল ।