অসম

assam

ETV Bharat / technology

শীঘ্ৰে পৃথিৱীলৈ নাছাৰ মহাকাশচাৰীদ্বয় - NASA launches Crew 9 mission

Sunita Rescue Mission Begins: নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ শীঘ্ৰে ঘৰলৈ উভতি আহিব । শনিবাৰে সুনীতাৰ উদ্ধাৰৰ বাবে Crew-9 এ সফলতাৰে অভিযান আৰম্ভ কৰে । কেতিয়া পৃথিৱীলৈ উভতি আহিব তথা এই সন্দৰ্ভত বিতং তথ্যৰ বাবে পঢ়ক এই প্ৰতিবেদন---

Etv Bharat
শীঘ্ৰে পৃথিৱীলৈ নাছাৰ মহাকাশচাৰীদ্বয় (AP)

By ETV Bharat Tech Team

Published : Sep 29, 2024, 1:45 PM IST

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ:বহু বাধা-প্ৰত্যাহ্বানৰ অন্তত অৱশেষত আৰম্ভ হ’ল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ উদ্ধাৰ অভিযান । যাৰ নাম ক্ৰু-9 মিছন (ক্ৰু-9)। শনিবাৰে নিশা প্ৰায় 10.47 বজাত ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ বাহিনী ষ্টেচনৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । 26 ছেপ্টেম্বৰত আৰম্ভ হ’বলগীয়া এই অভিযান ঘূৰ্ণীবতাহ হেলেনৰ বাবে 28 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হয় ।

পৃথিৱীলৈ উভতি আহিব সুনীতা

সুনীতা উইলিয়ামছ আৰু সহ- মহাকাশচাৰী বাচ্চ উইলম'ৰে চলিত বৰ্ষৰ 6 জুনত বয়িং ষ্টাৰলাইন মহাকাশযানেৰে মহাকাশ ভ্ৰমণ কৰিছিল । দুয়োজনে 8 দিনৰ বাবে মহাকাশলৈ গৈছিল । কিন্তু বয়িং ষ্টাৰলাইনৰ যান্ত্ৰিক বিজুতিৰ বাবে দুয়োজনেই নিৰাপদে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আশ্ৰয় গ্ৰহণ কৰিছে । অহা বছৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোক পৃথিৱীলৈ ঘূৰি আহিব ।

মহাকাশযানত সুনীতা আৰু উইলম'ৰৰ বাবে 2 খন খালী আসন

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু বিশিষ্ট উদ্যোগপতি ইলন মাস্কৰ ৰকেট নিৰ্মাতা স্পেচএক্সৰ সহায়ত ক্ৰু-9 অভিযান আৰম্ভ কৰা হৈছে । নাছাৰ আন 2 জন মহাকাশচাৰী নিক হাফ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰে এই অভিযানৰ নেতৃত্ব দিছে । মহাকাশযানখনৰ 4 খন আসনৰ ভিতৰত দুখন আসন সুনীতা আৰু তেওঁৰ সংগী উইলম’ৰৰ বাবে সংৰক্ষিত । অৰ্থাৎ এই মহাকাশযানখনত নিক আৰু আলেকজেণ্ডাৰ 2 খন আসনত বহিলেও আন দুখন আসন খালী থাকিব ।

ষ্টাৰলাইনত যান্ত্ৰিক বিজুতিৰ পিছত কি হ’ল?

যোৱা 6 জুনত সুনীতা উইলিয়ামছ আৰু সহযোগী বাচ্চ উইলম'ৰে মহাকাশলৈ গৈছিল । কিন্তু সফলতাৰে তাত উপস্থিত হোৱাৰ পাছত মহাকাশ যান ‘ষ্টাৰলাইনাৰ’ৰ পৰা হিলিয়াম গেছ নিৰ্গত হয় । ইয়াৰ বাহিৰেও আন কিছুমান যান্ত্ৰিক বিজুতি পোৱা গৈছিল । সেয়েহে এই 2 জন মহাকাশচাৰীয়ে পৃথিৱীলৈ ঘূৰি অহাৰ পৰিৱৰ্তে অধিক সময় মহাকাশত থকাৰ সিদ্ধান্ত লৈছিল ।

আনহাতে, যোৱা 6 ছেপ্টেম্বৰত মহাকাশৰ পৰা খালী হৈ উভতি আহিছিল ষ্টাৰলাইন । ইফালে নাছাই নিজৰ দুজন দক্ষ মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে ক্ৰু-9 অভিযানৰ পৰিকল্পনা কৰিছিল । এই মহাকাশযানখন উৎক্ষেপণৰ বাবে ইলন মাস্কৰ ৰকেট নিৰ্মাতা স্পেচএক্সৰ সহায় লোৱা হৈছে । স্পেচ এক্সে নিৰ্মাণ কৰা মহাকাশ যানখনে সুনীতাক পৃথিৱীলৈ ঘূৰাই আনিব ।

লগতে পঢ়ক:মহাকাশতে জন্মদিন উদযাপন সুনীতা উইলিয়ামছৰ; ভাৰতীয় সংগীতশিল্পীৰ বিশেষ উপহাৰ - Sunita williams Birthday

মহাকাশচাৰীদ্বয়ক এৰি অকলেই পৃথিৱী অভিমুখে বয়িঙৰ ষ্টাৰলাইনাৰ বিমান - Boeing’s Spaceship return

ABOUT THE AUTHOR

...view details