নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ:সোমবাৰে ছেমছাং ইণ্ডিয়াই ভাৰতত মুকলি কৰিলে নতুন Samsung Galaxy M55s 5G । স্মাৰ্টফোনটোত আছে স্নেপড্ৰেগন 7 জেন 1 চিপছেট, 50 মেগাপিক্সেলৰ ট্ৰিপল ৰিয়াৰ কেমেৰা ইউনিট, 50 মেগাপিক্সেলৰ চেলফি কেমেৰা আৰু 45 ৱাট তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5000 Mah বেটাৰী ।
হেণ্ডছেটটোত ফিউজন ডিজাইন আছে, য’ত পিছফালৰ পেনেলত ডুৱেল টেক্সচাৰ ফিনিচিং আছে । উল্লেখযোগ্য যে, এই ফোনটো ভাৰতীয় বজাৰত ইতিমধ্যে বিক্ৰী হোৱা চেমচাং গেলেক্সি এম 55 5জি আৰু চেমচাং গেলেক্সি F55 5 জিৰ সৈতে মিল আছে ।
ভাৰতত Samsung Galaxy M55s 5G ৰ মূল্য
ভাৰতত Samsung Galaxy M55s 5G ৰ মূল্য আৰম্ভ হৈছে 19,999 টকাৰ পৰা । 26 ছেপ্টেম্বৰৰ পৰা ভাৰতত ইয়াক আমাজন, চেমচাং ইণ্ডিয়াৰ ৱেবছাইট আৰু নিৰ্বাচিত অফলাইন খুচুৰা বিপণীৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব । গ্ৰাহকে ফোনটো ক্ৰয় কৰাৰ সময়ত 2000 টকাৰ বেংক ৰেহাইৰ সুবিধা ল’ব পাৰিব ।
ৰঙৰ বিকল্প
এই হেণ্ডছেটটো ক’ৰাল গ্ৰীণ আৰু থাণ্ডাৰ ব্লেককে ধৰি দুটা ৰঙৰ বিকল্পত উপলব্ধ ।