হায়দৰাবাদ: ভাৰতত মুকলি কৰা হৈছে ৰয়েল এনফিল্ডৰ প্ৰথমখন ইলেক্ট্ৰিক বাইক ৰয়েল এনফিল্ড ফ্লাইং ফ্লি । এই মটৰ চাইকেলখন প্ৰথমে EICMA 2024 মটৰ শ্ব’ত প্ৰদৰ্শন কৰা হৈছিল । মটৰ চাইকেলখনক দিয়া হৈছে এক অনন্য ৰেট্ৰ’-ৰ’ডষ্টাৰ ডিজাইন । এই ইলেক্ট্ৰিক মটৰ চাইকেলখন 250-300 CC আইচিই বাইকৰ সমতুল্য হ’ব বুলি আশা কৰা হৈছে । 2025 চনৰ শেষৰ ফালে ভাৰতত মুকলি হ’ব পাৰে ৰয়েল এনফিল্ড ফ্লাইং ফ্লি ।
ডিজাইন
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ফ্লাইং ফ্লি মটৰ চাইকেলৰ পৰা অনুপ্ৰাণিত হৈ ৰয়েল এনফিল্ড ফ্লাইং ফ্লি চি 6 ৰ এক অনন্য ৰেট্ৰ’-ৰ’ডষ্টাৰ ডিজাইন আছে । মটৰ চাইকেলখনত ঘূৰণীয়া এল ই ডি ইনডিকেটৰৰ সৈতে এল ই ডি হেডলাইট আছে । ইয়াত পানীৰ টোপালৰ দৰে পাতল "টেংক" আৰু স্কুপ কৰা একক টুকুৰাৰ আসন আছে । ইয়াৰ বেটাৰী পেকটো টেংকৰ তলত থাকে । পিছফালে ব্ৰেচড ৰিয়াৰ ফেণ্ডাৰ, ফেণ্ডাৰত মাউণ্ট কৰা টেইল লাইট আৰু ইণ্ডিকেটৰৰ সৈতে ইয়াৰ এক সুন্দৰ ডিজাইন আছে ।
ৰয়েল এনফিল্ড ফ্লাইং ফ্লি C6
ৰয়েল এনফিল্ডে প্ৰথমখন ইলেক্ট্ৰিক মটৰ চাইকেলৰ স্পেচিফিকেশন প্ৰকাশ কৰা নাই । অৱশ্যে এই ইলেক্ট্ৰিক মটৰ চাইকেলে 250-300 চিচি আইচিই বাইকৰ দৰে ভাল শক্তি প্ৰদান কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ছাচপেনচন ইউনিটত আছে গাৰ্ডাৰ ফৰ্ক আৰু মনোশ্বক । বাইকখনৰ দুয়োফালে ডিস্ক ব্ৰেক আৰু 19 ইঞ্চিৰ এলয় হুইল আছে ।