অসম

assam

ETV Bharat / technology

সঁচাকৈয়ে ৰবটে আত্মহত্যা কৰিব পাৰেনে ? - robot suicide in south korea - ROBOT SUICIDE IN SOUTH KOREA

First Robot Suicide : শেহতীয়াকৈ দক্ষিণ কোৰিয়াত এটা ৰবটে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । বৰ্তমান এটা দলে এই ৰবটটোৱে কিয় আত্মহত্যা কৰিলে তাৰ তদন্ত কৰি আছে ৷

robot suicide in south korea investigation is going on know here can machine take this step
ৰবটে আত্মহত্যা কৰিব পাৰেনে ? (ETV Bharat)

By ETV Bharat Tech Team

Published : Jul 15, 2024, 11:30 AM IST

আজিকালিৰ দিনত বিভিন্ন প্ৰতিষ্ঠানত ৰবট ব্যৱহাৰ কৰা হয় ৷ বৰ্তমান সময়ত ৰবটে এনে বহু কাম কৰি আছে, যিবোৰ কেইবছৰমান আগতে কল্পনাই কৰিব পৰা হোৱা নাছিল । এতিয়াৰ দিনত এনে বহুতো কাম আছে যিবোৰ ৰবট অবিহনে কৰাটো কঠিন । এই কামবোৰৰ দায়িত্ব সম্পূৰ্ণৰূপে ৰবটৰ কান্ধতেই আছে । ৰবট ব্যৱহাৰ চাহিদা বৃদ্ধিৰ আঁৰত আছে ৰবটে বহু ঘণ্টা ধৰি অবিৰতভাৱে কাম কৰিব পাৰে ৷ কাৰণ ইহঁতে বিষ অনুভৱ নকৰে আৰু ইহঁতৰ আৱেগো নাথাকে ।

অৱশ্যে শেহতীয়াকৈ দক্ষিণ কোৰিয়াত এটা ৰবটে আত্মহত্যা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে । প্ৰতিবেদন অনুসৰি ৰবটটোৱে আত্মহত্যাৰ বাবে চিৰিৰ পৰা নিজকে পেলাই দিয়ে । ডেইলী মিৰ’ৰত প্ৰকাশিত এক বাতৰি অনুসৰি এই ৰবটটোৱে এবছৰ ধৰি অবিৰতভাৱে কাম কৰি আছিল ।

বৰ্তমান, এটা দলে অনুসন্ধান কৰি আছে যে এই ৰবটটোৱে কিয় আত্মহত্যা কৰিলে ? তথ্য অনুসৰি, এই ৰবটটো এজন তত্বাৱধায়কৰ দায়িত্বত নিয়োজিত আছিল আৰু পুৱা ন বজাৰ পৰা প্ৰতিদিনে সন্ধিয়া পাঁচ বজালৈ শ্বিফ্টত কাম চম্ভালিছিল । কেৱল এয়াই নহয়, ৰবটটোৰ নিজা অসামৰিক সেৱাৰ আইডি কাৰ্ডো আছিল ।

পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে প্ৰতিটো অংশ

তথ্য অনুসৰি ৰবটটোৰ আত্মহত্যাৰ আঁৰৰ কাৰণ জানিবলৈ ৰবটটোৰ প্ৰতিটো অংশ সংগ্ৰহ কৰা হৈছে । এতিয়া অনুসন্ধানকাৰী দলটোৱে ইয়াৰ তদন্ত কৰিব । অৱশ্যে এতিয়াও সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈয়ে ৰবটে আত্মহত্যা কৰিব পাৰে নেকি?

ৰবটে আত্মহত্যা কৰিব পাৰেনে ?

প্ৰযুক্তিৰ দৃষ্টিকোণৰ পৰা চালে ৰবটে এইদৰে আত্মহত্যা কৰিব নোৱাৰে ৷ কাৰণ ৰবটৰ মানুহৰ দৰে মন-মগজু নাথাকে আৰু মানুহৰ দৰে চিন্তা কৰিব পৰাৰ সক্ষমতাও নাথাকে । ইয়াৰ উপৰিও ৰবট আৱেগৰ বশৱৰ্তী নহয় ।

চিন্তা কৰাৰ ক্ষমতা নাথাকে

ৰবটৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতা নাথাকে । নিজ ইচ্ছামতে কোনো কাম নকৰে ৰবটে । নিজৰ কাৰ্যসূচী অনুসৰিহে কাম কৰে ৰবটে । এনে পৰিস্থিতিত প্ৰশ্ন উদয় হয় যে যদি ৰবটে চিন্তা কৰিব নোৱাৰে তেন্তে আত্মহত্যাৰ দৰে পদক্ষেপ কেনেকৈ ল’ব পাৰে ?

নিষ্প্ৰাণ বস্তুৰ জীৱন-মৃত্যু নিৰৰ্থক

জীৱন আৰু মৃত্যুৰ অনুভূতি জীৱিত বস্তুৰহে হয় । এইটো কেৱল মানুহ আৰু অন্যান্য জীৱৰ ক্ষেত্ৰতহে সম্ভৱ । ৰবটৰ ভিতৰত তেনেধৰণৰ কোনো অনুভৱ নাথাকে । এনে পৰিস্থিতিত, ৰবটিক আত্মহত্যাৰ কথাটো আচৰিত !

ৰবটে ভাগৰুৱা অনুভৱ কৰেনে ?

ক্লান্তিও এক জৈৱিক আৱেগ । অবিৰতভাৱে কাম কৰা যিকোনো মানুহ বা জন্তুৱে ভাগৰুৱা অনুভৱ কৰে ৷ কিন্তু ৰবটৰ এনে কোনো অনুভৱ নাথাকে ৷ কাৰণ এই আৱেগ ইয়াৰ প্ৰগ্ৰেমতেই অন্তৰ্ভুক্ত নহয় ।

লগতে পঢ়ক :স্মাৰ্টফোনৰ আয়ুস থাকেনে ? নে আয়ুস বঢ়াও বুলি বঢ়াব পাৰি ? - for how many years a phone lasts

ABOUT THE AUTHOR

...view details