নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:7 জনীয়া গাড়ী কিনিবলৈ বিচাৰিছে নেকি ? তেতিয়াহ’লে renault Trier's Multi Purpose Vehicle (MPV আপোনাৰ বাবে এটা ভাল বিকল্প হ’ব পাৰে । বৃহৎ পৰিয়ালৰ কথা ভাবিয়েই এই গাড়ীখন বিশেষভাৱে ডিজাইন কৰা হৈছে । এই গাড়ীখনৰ ষ্টাইলিছ লুকেই নহয় গাড়ীৰ ভিতৰতো যথেষ্ট ঠাই আছে । বৃহৎ পৰিয়াল এটা আৰামত বহিব পাৰে ।
renault Trier ত 1.0 লিটাৰৰ 3 টা চিলিণ্ডাৰৰ পেট্ৰ’ল ইঞ্জিন আছে । এই ইঞ্জিনে 72 পিএছতকৈ অধিক শক্তি আৰু 96 এনএম টৰ্ক উৎপন্ন কৰে । মাইলেজৰ ক্ষেত্ৰত এই গাড়ীখনে 18.29ৰ পৰা 19 কিলোমিটাৰ ইন্ধন ক্ষমতা প্ৰদান কৰে । ইয়াৰ উপৰিও এই মডেলত 5 স্পীড মেনুৱেল আৰু অটোমেটিক ট্ৰেন্সমিছন (এএমটি) বিকল্প আছে । ইয়াৰ উপৰিও ইয়াৰ উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্স 182 মি.মি. যিয়ে গাড়ীখনৰ যাত্ৰাৰ মানদণ্ড উন্নত কৰে ।
বৈশিষ্ট্যসমূহ কি কি?
- 20.32 চে.মি. টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম
- ষ্টিয়াৰিং মাউণ্ট কৰা অডিঅ’ আৰু ফোন নিয়ন্ত্ৰণ
- এল ই ডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ
- স্মাৰ্ট এক্সেছ কাৰ্ড
- ষ্টাৰ্ট-ষ্টপ বুটাম
- এল ই ডি ডি আৰ এল
- ড্ৰাইভাৰৰ আসন এডজাষ্টাৰ