নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ:ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে শেহতীয়াকৈ ক্ৰয় কৰিছে এখন বিমান । বিলাসী জীৱন-যাপনৰ প্ৰতি আগ্ৰহী আম্বানীয়ে ভাৰতৰ প্ৰথমখন বয়িং 737 মেক্স 9 বিমান ক্ৰয় কৰিছে । শেহতীয়াকৈ আড়ম্বৰপূৰ্ণভাৱে পতা তেওঁৰ সৰু পুত্ৰৰ বিবাহ অনুষ্ঠানে সমগ্ৰ বিশ্বৰে চকু কপালত তুলিছিল । অতি ব্যয়বহুল বিবাহ অনুষ্ঠান সমাপ্ত হোৱাৰ পাচত শেহতীয়াকৈ তেওঁ ব্যক্তিগত জেট বিমান কিনি আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
- উৰণ পৰীক্ষা
- ইতিমধ্যে এই বয়িং 737 মেক্স বিলাসী বিমানখনৰ উৰণ পৰীক্ষা সম্পূৰ্ণ হৈছে ।
- এই বিমানখন 2023 চনৰ 13 এপ্ৰিলৰ পৰা 2024 চনৰ 27 আগষ্ট পৰ্যন্ত পৰীক্ষা কৰা হৈছিল ।
- ইয়াত কেবিন সলনি আৰু ইণ্টেৰিয়ৰ উন্নীতকৰণকে ধৰি বহু পৰিৱৰ্তন কৰা হৈছে ।
- মুকেশ আম্বানীয়ে ইয়াক চুইজাৰলেণ্ডৰ ইউৰোএয়াৰপৰ্ট বেচেল-মুলহাউছ-ফ্ৰেইবাৰ্গ (বিএছএল)ত পুনৰ নিৰ্মাণ কৰে ।
- এই নতুন বিমানখন বৰ্তমান ক’ত আছে?
- এই বয়িং বিমানখন চুইজাৰলেণ্ডত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল ।
- এই ব্যক্তিগত জেটখন বেচেল, জেনেভা, লণ্ডন আৰু লুটন বিমানবন্দৰত পৰীক্ষা কৰা হৈছিল ।
- সকলো উন্নীতকৰণ হোৱাৰ পিছত সকলো পৰীক্ষা সম্পন্ন হোৱাৰ পাচত বিমানখন ভাৰতলৈ অনা হয় ।
- 2024 চনৰ 27 আগষ্টত বেচেলৰ পৰা দিল্লীলৈ অনা হৈছিল ।
- 9 ঘণ্টাত 6,234 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ।
- বৰ্তমান এই নতুন বিমানখন দিল্লী বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ সমীপৰ মেইণ্টেনেন্স টাৰ্মিনেলত আছে ।
- খবৰ অনুসৰি এই জেটখন অতি সোনকালে মুম্বাইত উপস্থিত হ’ব, য’ত ৰিলায়েন্সৰ মুখ্য কাৰ্যালয় আছে ।
- মুঠ ব্যয়
- বয়িং 737 মেক্স 9 বিশ্বৰ অন্যতম দামী জেট বিমান ।
- ইয়াত দুটা CFMI LEAP-18 ইঞ্জিন চালিত।
- এই বিমানখনৰ এম এছ এন নম্বৰ 8401।
- ইয়াৰ ৰেঞ্জ 11,770 কিলোমিটাৰ ।
- বয়িং 737 মেক্স 9 বিমানৰ মূল্য 118.5 মিলিয়ন ডলাৰ ।
- কিন্তু ইয়াত কেবিন ৰেট্ৰ’ফিটিং আৰু ইণ্টেৰিয়ৰ মডিফিকেচনৰ খৰচ অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
- এই নতুন জেটখনৰ কেবিন আৰু কাৰ্গো স্থান বয়িং মেক্স 8 তকৈ ডাঙৰ ।
জানিব পৰা মতে, আম্বানী পৰিয়ালে এই আল্ট্ৰা লং ৰেঞ্জ বিজনেছ জেটৰ বাবে 1000 কোটি টকাতকৈ অধিক ধন খৰচ কৰিছে ।
মুঠ 10 খন বিমান