নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ:কিছুদিনৰ পূৰ্বে JSW MG Motor India ই নিজৰ নতুন MG Windsor EV মুকলি কৰিছিল যদিও সেই সময়ত কোম্পানীটোৱে ইয়াৰ আৰম্ভণি মূল্য প্ৰকাশ কৰিছিল । এতিয়া কোম্পানীয়ে নিজৰ ভেৰিয়েণ্ট ৱাইজ মূল্য ঘোষণা কৰিছে, যাৰ আৰম্ভণিৰ মূল্য 13.50 লাখ টকা (এক্স-শ্ব’ৰুম)।
- তিনিটা ভেৰিয়েন্টত উপলব্ধ
উল্লেখযোগ্য বিষয় যে এই মূল্যসমূহ BaaS (Battery as a Service) প্ৰগ্ৰেমৰ অধীনত প্ৰযোজ্য নহয়, প্ৰত্যক্ষ ক্ৰয়ৰ বাবেহে । কোম্পানীটোৱে জনাইছে যে এই গাড়ীখনৰ বুকিং 3 অক্টোবৰৰ পৰা আৰম্ভ হ’ব । MG Windsor EV তিনিটা ভিন্নতাত উপলব্ধ কৰা হৈছে, য’ত আছে Excite, Exclusive আৰু Essence ।
- মূল্য আৰু ৰং
এই তিনিটা ভেৰিয়েন্টৰ মূল্য ক্ৰমে 13.50 লাখ, 14.50 লাখ আৰু 15.50 লাখ টকা (সকলো এক্স-শ্ব’ৰুম মূল্য ) । এই গাড়ীখন চাৰিটা ৰঙত উপলব্ধ, য’ত আছে ষ্টাৰবাৰ্ষ্ট ব্লেক, পাৰ্ল হোৱাইট, ক্লে বেইজ আৰু টাৰ্কুইজ গ্ৰীণ ।
- উল্লেখযোগ্য বৈশিষ্ট্য
নতুন Windsor EV ৰ নিশ্চিত বাইবেক মূল্য তিনি বছৰ বা 45,000 কিলোমিটাৰ, ইহাব বাই এম জি এপ ব্যৱহাৰ কৰি ৰাজহুৱা চাৰ্জাৰত প্ৰথম বছৰৰ বাবে বিনামূলীয়া চাৰ্জিং আৰু গাড়ীখনৰ প্ৰথমগৰাকী মালিকৰ বাবে লাইফটাইম বেটাৰী ৱাৰেণ্টী ।