অসম

assam

ETV Bharat / technology

Meta AI ত সংৰক্ষিত হ’ব আপোনাৰ WhatsApp chat

জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপত শীঘ্ৰে সংযুক্ত হ’বলৈ গৈ আছে এটা নতুন বৈশিষ্ট্য । য'ত Chat এথবা কথোপকথন বৈশিষ্ট্য মেটা AI চেটবটত সংযোগ কৰা হ'ব ---

Etv Bharat
Meta AI ত সংৰক্ষিত হ’ব আপোনাৰ WhatsApp chat (Meta)

By ETV Bharat Tech Team

Published : 4 hours ago

হায়দৰাবাদ:2024 চনৰ জুন মাহত দেশৰ আটাইতকৈ জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে মেটা এআই নামৰ এআই চালিত চেটবট মুকলি কৰিছিল য’ত বহুতো উন্নত বৈশিষ্ট্য আছে । যোৱা কেইমাহমানৰ পৰা কোম্পানীটোৱে চেটবটৰ বৈশিষ্ট্য আৰু সুবিধাসমূহ ব্যৱহাৰকাৰীৰ বাবে অধিক উপযোগী কৰি তুলিবলৈ কাম কৰি আহিছে । শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে হোৱাটছএপে মেটা এআইৰ বাবে নতুন চেট মেম’ৰী বৈশিষ্ট্য পৰীক্ষা কৰি আছে যিয়ে চেটবটে পূৰ্বৰ কথা-বতৰা (Chat History) সংৰক্ষণ কৰিব পাৰিব । এই নতুন মেটা এআই বৈশিষ্ট্যই কেনেকৈ কাম কৰে জানি লওক---

মেটা AI ৰ বাবে হোৱাটছএপ চেট মেমৰি বৈশিষ্ট্য

WABetaInfo ৰ এক প্ৰতিবেদন অনুসৰি, WhatsApp এ অধিক ব্যক্তিগতকৃত অভিজ্ঞতা প্ৰদান কৰিবলৈ AI-powered এটা নতুন বৈশিষ্ট্য প্ৰস্তুত কৰিছে । এই বৈশিষ্ট্যৰ নাম হৈছে ‘Chat Memory’, যাৰ জৰিয়তে মেটা AI য়ে অতীতৰ কথোপকথন বা Chat সংৰক্ষণ কৰিব পাৰিব । এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে কিছুমান আড্ডাৰ তথ্য যেনে ব্যক্তিগত তথ্য, জন্মদিন, সময়সূচী আদি মেটা AI ৰ সহায়ত সংৰক্ষণ কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মেটা AI য়ে ব্যৱহাৰকাৰীৰ পছন্দ আৰু জীৱনশৈলীৰ সৈতে সামঞ্জস্যপূৰ্ণ পৰামৰ্শ বা মতামত আগবঢ়াব পাৰে । মেটা AI ৰ হোৱাটছএপ চেট মেমৰি বৈশিষ্ট্যই ব্যৱহাৰকাৰীক পূৰ্বৰ Chat ৰ বিষয়ে তথ্য প্ৰদান কৰিব । যাতে ব্যৱহাৰকাৰীয়ে চেটবটৰ সৈতে অধিক প্ৰাসংগিক, অধিক ব্যক্তিগত আৰু স্বাভাৱিক কথোপকথনৰ অভিজ্ঞতা লাভ কৰে । এতিয়া আপোনালোকৰ বহুতেই মেটা এআই বৈশিষ্ট্য সন্দৰ্ভত গোপনীয়তাৰ বাবে চিন্তিত হ’ব পাৰে ।

গতিকে আমি আপোনালোকক জনাবলৈ বিচাৰিছো যে ইয়াৰ এটা নতুন কোনো বৈশিষ্ট্য আহিব বুলি আশা কৰা হৈছে । যি ব্যৱহাৰকাৰীক কি তথ্য সংৰক্ষণ কৰা হয় নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিব । এই বৈশিষ্ট্যই সম্ভাৱ্যভাৱে ব্যৱহাৰকাৰীক নতুন পৰিৱৰ্তন আৰু পৰিকল্পনাৰ সৈতে সংৰক্ষণ তথ্য আপডেট কৰাৰ অনুমতি দিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে সংৰক্ষিত Chat আঁতৰাবও পাৰিব ।

মেটা AI ৰ চেট মেমৰি বৈশিষ্ট্য বৰ্তমান বিকশিত পৰ্যায়ত আছে আৰু ভৱিষ্যতে এটা আপডেটত প্ৰণয়ন কৰা হ'ব পাৰে । এই নতুন এআই চালিত বৈশিষ্ট্যৰ উপৰিও অধিক স্বজ্ঞাত Chat ৰ বাবে ভইচ চেট মোড ফিচাৰৰ ওপৰতো হোৱাটছএপে কাম কৰি আছে । আগন্তুক এপ আপডেটত হয়তো চেট মেম’ৰী ফিচাৰ আৰু ভইচ চেট মোডৰ দৰে বহু নতুন ৰোমাঞ্চকৰ বৈশিষ্ট্য আহিব পাৰে ।

লগতে পঢ়ক:হোৱাটছএপ ভিডিঅ’ কলত এতিয়াৰে পৰা উপলব্ধ বিভিন্ন আকৰ্ষণীয় বৈশিষ্ট্য

মোবাইলত নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰাটো সম্ভৱনে ? - WhatsApp Without Saving Number

ABOUT THE AUTHOR

...view details