হায়দৰাবাদ: জিঅ’ আৰু এয়াৰটেল ভাৰতৰ দুটা বৃহৎ ব্যক্তিগত টেলিকম কোম্পানী । এই দুয়োটা কোম্পানীৰে ব্যৱহাৰকাৰীয়ে যোৱা বছৰৰ অৰ্থাৎ 2024 চনৰ জুলাই মাহৰ পৰা ব্যয়বহুল প্ৰিপেইড প্লেন ক্ৰয় কৰিবলৈ বাধ্য হৈছে, কাৰণ এই দুয়োটা কোম্পানীয়ে নিজৰ প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ দাম অতিশয় বৃদ্ধি কৰিছিল । এনে পৰিস্থিতিত ব্যৱহাৰকাৰীসকলৰ বাজেট অনুসৰি সস্তীয়া প্ৰিপেইড প্লেন বাছি লোৱাটো অতি কঠিন হৈ পৰে । এই প্ৰতিবেদনত জিঅ’ আৰু এয়াৰটেলৰ এনে দুটা প্ৰিপেইড প্লেনৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছো যিবোৰ মূল্য সৰ্বনিম্ন হোৱাৰ লগতে আটাইতকৈ উপযোগী প্লেনৰ শ্ৰেণীত পৰে ।
Jio ৰ সস্তাতম উপযোগী পৰিকল্পনা
জিঅ’ৰ 249 টকীয়া প্ৰিপেইড প্লেন ব্যৱহাৰকাৰীৰ বাবে অতি উপযোগী আৰু এই কাৰণেই কোম্পানীয়ে ইয়াক জনপ্ৰিয় শিতানৰ তালিকাত ৰাখিছে । এই প্লেনৰ বৈধতা 28 দিনৰ । এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক দৈনিক 1 GB ডাটা দিয়া হয় । এই পৰিকল্পনাত দৈনিক ডাটা লিমিট শেষ হোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে 64 KBPS গতিৰ ডাটাৰ সুবিধা লাভ কৰে ।
ইয়াৰ উপৰিও এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 এছএমএছ লাভ কৰে । এই প্লেনৰ ব্যৱহাৰকাৰীয়ে জিঅ’ টিভি, জিঅ’ চিনেমা আৰু জিঅ’ ক্লাউডৰ চাবস্ক্ৰিপচনো লাভ কৰে । অৱশ্যে মনত ৰাখিব লাগিব যে এই প্লেনৰ সৈতে Jio Cinema Premium চাবস্ক্ৰিপচন বিনামূলীয়াকৈ পোৱা নাযায় ।
এয়াৰটেলৰ সস্তাতম উপযোগী পৰিকল্পনা