হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বুধবাৰে ঘোষণা কৰে যে গগনিয়ানৰ প্ৰথমখন মানৱবিহীন বিমানৰ বাবে হিউমেন ৰেটেড লঞ্চ ভেহিকেল মাৰ্ক-3 (HLVM3) একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছে ।
ইছৰোৱে LVM3-X/ Crew Module Atmospheric Re-Entry ৰ দশম বৰ্ষপূৰ্তি উদযাপন কৰাৰ দিনাই এই ঘোষণা কৰে ।
এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বুধবাৰে পুৱা 8.45 বজাত সতীশ ধৱন মহাকাশ কেন্দ্ৰ (এছডিএছচি)ত S200 মটৰৰ ফুল ফ্লেক্স ছিল নজেলৰ সৈতে নজেল-এণ্ড ছেগমেণ্টৰ ষ্টেকিং কৰা হয় । ইয়াৰ লগে লগে ইছৰোৱে HLVM3-G1 / OM-1 মিছনৰ আনুষ্ঠানিক মুকলি অভিযান আৰম্ভ কৰে ।
ক্ৰু এস্কেপ চিষ্টেম এছডিএছচিত উপনীত হৈছে । ক্ৰু মডিউলৰ সংহতি বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ (ভিএছএছচি)ত আৰু সেৱা মডিউলৰ সংহতি ইউআৰ ৰাও উপগ্ৰহ কেন্দ্ৰ (ইউআৰএছচি)ত কৰা হৈছে । অৰ্বিটেল মডিউল (OM) স্তৰৰ সংহতি আৰু পৰীক্ষাসমূহ পৰৱৰ্তী সময়ত ইউ আৰ এছ চিত অনুষ্ঠিত হ’ব ।
বিবৃতিটোত কোৱা হৈছে, "18 ডিচেম্বৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বংগোপসাগৰৰ পৰা ক্ৰু মডিউল উদ্ধাৰ কৰিছিল । একেদিনাই এলভিএম3-এক্সে প্ৰথম বিমানত 3775 কিলোগ্ৰাম ওজনৰ এটা ক্ৰু মডিউল 126 কিলোমিটাৰ উচ্চতালৈ তুলি লৈছিল য’ৰ পৰা ইয়াক থ্ৰাষ্টাৰ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰা হৈছিল যাৰ ফলত অনুকূল পুনৰ প্ৰৱেশ নিশ্চিত হৈছিল । মানৱ মহাকাশ উৰণ প্ৰকল্পৰ প্ৰি-প্ৰজেক্ট কাৰ্যকলাপৰ অংশ হিচাপে ক্ৰু মডিউলটো প্ৰস্তুত কৰা হৈছিল ।”