নিউজ ডেস্ক, 24 আগষ্ট:আইফোন প্ৰেমীৰ বাবে ভাল খবৰ । শীঘ্ৰে বজাৰত উপলব্ধ হ’ব আইফোন 16 ছিৰিজৰ ফোন ৷ এটা মিডিয়া সংস্থাই জনাইছে এই বিষয়ে । ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, এই কুপাৰ্টিনো কোম্পানীয়ে 10 ছেপ্টেম্বৰত নিজৰ শেহতীয়া আইফোন 16 ছিৰিজ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । এবছৰৰ পূৰ্বে মুকলি কৰা আইফোন 15 ছিৰিজৰ উন্নত সংস্কৰণ হ’ব এই নতুন আইফোন 16 ছিৰিজ ।
এপল ঘড়ী আৰু এয়াৰপডছও মুকলি কৰা হ’ব
আইফোন 16 ছিৰিজৰ মুকলিৰ লগতে একেটা মুকলি অনুষ্ঠানত এপলে নতুন এপল ঘড়ী আৰু নতুন বৈশিষ্ট্যৰে সজ্জিত নতুন এয়াৰপড মডেল মুকলি কৰাৰো সম্ভাৱনা আছে । আইফোন 16 প্ৰ’ মডেলৰ ডিছপ্লেখন অলপ ডাঙৰ হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে, কোম্পানীয়ে নিজৰ হেণ্ডছেটত ডেডিকেটেড ‘কেপচাৰ’ বুটামও দিব পাৰে ।
এই ছিৰিজত অন্তৰ্ভুক্ত হ’ব 4 টা মডেল
এই সন্দৰ্ভত অৱগত বিশেষজ্ঞসকলে ব্লুমবাৰ্গৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি জনাইছে যে এপলে 10 ছেপ্টেম্বৰৰ এটা অনুষ্ঠানত আইফোন 16 ছিৰিজৰ স্মাৰ্টফোন মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে কোম্পানীটোৱে এই বছৰ চাৰিটা মডেল মুকলি কৰিব পাৰে, য’ত আইফোন 16, আইফোন 16 প্লাছ, আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্স থকাৰ সম্ভাৱনা আছে ।
ডেডিকেটেড কেপচাৰ বুটাম উপলব্ধ হোৱাৰ সম্ভাৱনা
ইয়াৰ উপৰিও এপলে নিজৰ নতুন আইফোন 16 ছিৰিজত কেপচাৰ বুটাম দিব পাৰে, যাৰ সহায়ত ফটো দ্ৰুতভাৱে কেপচাৰ কৰিব পৰা যাব । দামী আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্স মডেলত হয়তো উন্নীতকৃত আল্ট্ৰা-ৱাইড এংগল কেমেৰা, 0.2 ইঞ্চি ডাঙৰ ডিছপ্লে আৰু পূৰ্বৰ মডেলতকৈ উন্নত বেটাৰী সংযুক্ত থাকিব ৷