হায়দৰাবাদ: ছ'চিয়েল মিডিয়া চাইট ইনষ্টাগ্ৰামত এটা নতুন বৈশিষ্ট্য সংযোজন কৰা হৈছে ৷ testimonials নামৰ বৈশিষ্ট্যটোৰ এটা বিজ্ঞাপন ইতিমধ্যে ইনষ্টাগ্ৰামত দেখা গৈছে ৷ এই বৈশিষ্ট্যই কন্টেন্ট ক্ৰিয়েটৰসকলক উপাৰ্জনৰ অধিক সুযোগ প্ৰদান কৰিব ৷ ইনষ্টাগ্ৰামত বিজ্ঞাপনৰ বাবে এই নতুন বৈশিষ্ট্যটোক 'testimonials' বুলি কোৱা হৈছে, যাৰ জৰিয়তে ভিডিঅ' আপলোড আৰু কমেন্ট কৰি টকা উপাৰ্জন কৰিব পাৰিব ৷
এই নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পূৰ্বতকৈ অধিক আৰু সহজে ধন উপাৰ্জন কৰিব পাৰিব । এই বৈশিষ্ট্যৰ জৰিয়তে কন্টেন্ট ক্ৰিয়েটৰসকলে বিজ্ঞাপনৰ বাবে ধন দিয়াৰ পৰিৱৰ্তে ভিডিঅ’টোত মন্তব্য কৰিলে ধন লাভ কৰিব ।
Testimonials ৰ সৈতে বিজ্ঞাপনৰ সন্দৰ্ভত, ইনষ্টাগ্ৰামে এই নতুন বৈশিষ্ট্যৰ বিষয়ে এটা মেটা ব্লগ পোষ্টত বিজ্ঞাপনৰ বিন্যাসৰ বিশদ বিৱৰণ দিছিল ৷ নতুন বিজ্ঞাপনৰ বিন্যাস কেৱল টেক্সট-ভিত্তিক । পোষ্টটোৰ মতে, testimonials (প্ৰডাক্ট ৰিভিউ) হ’ব এটা চুটি বিষয়বস্তু য’ত এটা প্ৰডাক্টৰ প্ৰচাৰ কেৱল শব্দৰ জৰিয়তে কৰা হ’ব ৷ ইয়াত কম সময় লাগিব ।