নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ:ইতিমধ্যে 5 ছেপ্টেম্বৰৰ পৰা ভাৰতৰ বজাৰত প্ৰৱেশ কৰিছে ইনফিনিক্স হট 50 (ইনফিনিক্স হট 50) 5G স্মাৰ্টফোন। অনলাইন শ্বপিং প্লেটফৰ্ম ফ্লিপকাৰ্টতো মুকলি কৰা হৈছে এই ফোনটোৰ টিজাৰ। ফোনটোক ‘Slimmest and Most Reliable’ টেগলাইন দিয়া হৈছে, অৰ্থাৎ ফোনটো ডিজাইনত স্লিম হোৱাৰ লগতে ভৰষা কৰিব পৰা অৰ্থাৎ শক্তিশালী । ইনফিনিক্স হট 50 ক ইয়াৰ ছেগমেণ্টৰ আটাইতকৈ পাতল 5G স্মাৰ্টফোন বুলি দাবী কৰা হৈছে ।
উল্লেখযোগ্য বৈশিষ্ট্যসমূহ
Infinix Hot 50 5G স্মাৰ্টফোনৰ বহল মাত্ৰ 7.8 মিমি
Infinix Hot 50 5G মিটিয়াটেক ডাইমেনচন 6300 SoC
AI বৈশিষ্ট্যসমূহৰ ভিতৰত AI চাৰ্জ সুৰক্ষা অন্তৰ্ভুক্ত
ইয়াৰ মূল্য 9999 টকা আৰু বেংক অফাৰত 8999 টকাত উপলব্ধ হ’ব
Infinix Hot 50 ৰ বৈশিষ্ট্যসমূহ কি কি
Infinix Hot 50 5G হৈছে 7.8mm প্ৰস্থৰ এটা স্লিম ডিজাইনৰ 5G স্মাৰ্টফোন
পিছফালৰ পেনেলত ডুৱেল কেমেৰা ছেটআপ আছে
ইয়াক 4 টা ৰঙৰ বিকল্পত উপলব্ধ স্লীক ব্লেক, ভাইব্ৰেণ্ট ব্লু, চেজ গ্ৰীণ আৰু ড্ৰিমী পাৰ্পল
120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.7 ইঞ্চি HD+ ডিছপ্লে
18W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5,000mAh বেটাৰী