অসম

assam

ETV Bharat / technology

আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে - AI Professor in IIM Sambalpur - AI PROFESSOR IN IIM SAMBALPUR

IIM Sambalpur: আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ দশম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত এই ঘোষণা কৰে শিক্ষা প্ৰতিষ্ঠান কৰ্তৃপক্ষই ৷ অহা 10 মাহৰ ভিতৰত এই প্ৰযুক্তি কাৰ্যকৰী হৈ উঠিব বুলি কয় শিক্ষা প্ৰতিষ্ঠান কৰ্তৃপক্ষই ৷

Etv Bharat
আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে (ETV Bharat)

By ETV Bharat Tech Team

Published : Sep 24, 2024, 1:16 PM IST

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ:আই আই এম সম্বলপুৰৰ দশম প্ৰতিষ্ঠা দিৱস সোমবাৰে অনুষ্ঠিত হৈ যায় ৷ এই অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনে নিজৰ শ্ৰেণীকোঠাত AI ক অধ্যাপক হিচাপে প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে । শ্ৰেণীকোঠাত অধ্যাপক হিচাপে AI ক প্ৰৱৰ্তন কৰা আই আই এম সম্বলপুৰ দেশৰ ভিতৰতে প্ৰথমখন শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ব ৷

আৰম্ভণিৰে পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠানখনে কাৰ্যমুখী গৱেষণা, মূল্যবোধ-চালিত পৰামৰ্শ আৰু অভিজ্ঞতাভিত্তিক শিক্ষণ শিক্ষাবিজ্ঞানৰ জৰিয়তে শিক্ষা প্ৰদান কৰাৰ লক্ষ্য লৈছে । লিংগ বৈচিত্ৰ্য, সংস্থাপন, সাংস্কৃতিক উন্নয়ন, বহনক্ষম পদক্ষেপ আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত নতুন মাপকাঠীৰ অগ্ৰণী ব্যৱসায়িক শিক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে ।

আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে (ETV Bharat)

আই আই এম সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেউ জয়ছৱালে কয়, “আমি আজি ঘোষণা কৰিছো যে পৰিৱৰ্তনশীল শিক্ষণ অভিজ্ঞতাৰ বাবে শ্ৰেণীকোঠাত AI ৰূপায়ণ কৰা হৈছে । 2015 চনত মাত্ৰ 49 গৰাকী এম বি এ ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা আই আই এম সম্বলপুৰত বৰ্তমান আছে 320 গৰাকী এম বি এ ছাত্ৰ-ছাত্ৰী আৰু 75% ছাত্ৰী । আমি আমাৰ ইনকিউবেচন চেণ্টাৰৰ অধীনত 60 ৰো অধিক ষ্টাৰ্ট-আপক অনবৰ্ডিং কৰাৰ বিশ্বমানৰ আন্তঃগাঁথনি আৰু প্ৰক্ৰিয়া সৃষ্টি কৰিলো আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক প্ৰসাৰিত কৰিলো ।"

আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে (ETV Bharat)
আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে (ETV Bharat)

সম্বলপুৰ IIM ৰ বিষয়ে

সম্বলপুৰ ‘আই আই এম’ আৰম্ভ হোৱাৰ সময়ত ইয়াত 49 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আৰম্ভ কৰিছিল । পিছত এই সংখ্যা বৃদ্ধি হ’ল । এতিয়া এই সংখ্যা 320 । এম বি এৰ বাহিৰেও 100 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এক্সিকিউটিভ এম বি এত অধ্যয়ন কৰি আছে । ইয়াৰ লগতে সম্বলপুৰ আই আই এমৰ দিল্লী শাখাত 50 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৱৰ্কিং প্ৰফেচনেল এম বি এত অধ্যয়ন কৰি আছে । আই আই এম মুম্বাইৰ সহযোগত চলি থকা পি জি পি এক্স পাঠ্যক্ৰমত 40 গৰাকী ছাত্ৰ-ছাত্ৰী, 22 গৰাকী পূৰ্ণকালীন পি এইচ ডি ছাত্ৰ-ছাত্ৰী, 100 গৰাকী ‘এক্সিকিউটিভ পি এইচ ডি’ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক:মানুহৰ দৰেই নেকি ৰবট - শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আশ্চৰ্যকৰ তথ্য ! - Study on Robots

বন্য জন্তু আৰু মানুহৰ সংঘাত সমাধান কৰিব AI এ : কেনেকৈ ? - AI For Animal Warning

বৃৃদ্ধি পাইছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব : 45% ভাৰতীয় কোম্পানীয়ে চলাইছে যো-জা - Generative AI companies

ABOUT THE AUTHOR

...view details