নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ:বজাৰত মুকলি হ’ল বিশ্বৰ প্ৰথমটো ফল্ডেবল স্মাৰ্টফোন ৷বৰ্তমান বজাৰত ভাঁজ কৰিব পৰা মোবাইল ফোনৰ চাহিদা বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি কোম্পানীসমূহে ট্ৰাই-ফল্ড স্মাৰ্টফোন নিৰ্মাণৰ বাবে চিন্তা-চৰ্চা অব্যাহত ৰাখিছিল ৷ অৱশ্যে Huawei এ ট্ৰিপল ফ’ল্ডেবল ডিছপ্লেৰ সৈতে বিশ্বৰ প্ৰথমটো ফ’ল্ডেবল স্মাৰ্টফোন মুকলি কৰি এই দৌৰত সকলোকে পৰাস্ত কৰিবলৈ সক্ষম হৈছে । Mate XT নামেৰে অভিহিত এই স্মাৰ্টফোনটোত আছে 10.2 ইঞ্চিৰ ডিছপ্লে যিটো তিনিবাৰ ভাঁজ কৰি নিয়মীয়া ফোন সদৃশ ফৰ্ম ফেক্টৰত ফিট হ’ব পাৰে ।
ফোনটোৰ দাম কিমান
হুৱেইয়ে চীনত এই ফোনটো 1999 ইউয়ান বা 2800 ডলাৰত মুকলি কৰিছে ৷ যিটো ভাৰতীয় হিচাপত মোটামুটিভাৱে 2,35,000 টকা । ফোনটো আন দুটা কনফিগাৰেচনত আছে – 16GB + 512GB আৰু 16GB + 1TB যাৰ মূল্য ক্ৰমে 21999 ইউয়ান আৰু 23999 ইউয়ান ।
কেৱল চীনত মুকলি কৰা এই ফোনটো 20 ছেপ্টেম্বৰৰ পৰা ডেলিভাৰী আৰম্ভ হ’ব । অৱশ্যে বিশ্বৰ আন কোনো দেশত ফোনটো মুকলি কৰা সন্দৰ্ভত কোম্পানীটোৱে একো জনোৱা নাই ৷
Huawei Mate XT ৰ বৈশিষ্ট্যসমূহ