শুই উঠিয়ে বা কেতিয়াবা চকু মেল নোখোৱাকৈয়ে হাতেৰে বিচনাত খেপিয়াই ফুৰা ফোনটো থাপ মাৰি কোনোবাই হাতৰ পৰা কাঢ়ি লৈ গ’লে ! ভিৰৰ মাজত কোনোবাই পকেটৰ পৰা উলিয়াই লৈ গ’লে ! এখন্তেকৰ বাবে ফোনটো কৰবাত থৈ উভতি আহি ফোনটো নেদেখিলে কেনে অনুভৱ হ’ব বাৰু আপোনাৰ ? ভাষাৰে বৰ্ণনা কৰা টান এই অনুভৱ ৷ মোবাইল এটা ব্যৱহাৰ কৰিব জনা প্ৰতিজন ব্যক্তিৰে জীৱনটো আজিকালি ফোনটোতেই আৱদ্ধ নহয় জানো ?
শিক্ষা, চাকৰি, ব্যৱসায় ক’ত ব্যৱহাৰ নহয় মোবাইল ৷ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি সৰু-বৰ সকলোৰে হাতে হাতে একো একোটা মোবাইল ৷ সেই মোবাইলটোত ব্যৱহাৰকাৰীৰ সকলো ধৰণৰ ডাটা সংযুক্ত হৈ থাকে ৷ আজিকালি বেছিভাগ মানুহেই নিজৰ ব্যক্তিগত আৰু আৰ্থিক সম্পৰ্কীয় তথ্য নিজৰ ফোনটোতে জমা কৰি ৰাখে ।
বজাৰ কৰাৰ পৰা বেংকিঙলৈকে বহু কাম মানুহে মোবাইলৰ সহায়ত কৰে । আপোনাৰ মোবাইলটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ সাৰথি বুলি ক’লেও ভুল কোৱা নহ’ব । ব্যক্তিগত ফাইল, ফটো, ডাটা আৰু মেছেজৰ পৰা আৰম্ভ কৰি এজন ব্যক্তিৰ বেংকিং আৰু ফাইনেন্সৰ সবিশেষলৈকে সকলো ফোনতে উপলব্ধ থাকে ।
সেই মোবাইলটো অকস্মাতে নাইকিয়া হৈ গ’লে চকুৰ সন্মুখত সকলোৱে আন্ধাৰ দেখাতো স্বাভাৱিক ৷ কেনে এক উত্তেজনাময় সময় সেইখিনি, ভাবি চাওকচোন ৷ কি কৰিব লাগে নালাগে ভাবিবলৈয়ো একো উৱাদিহ পোৱা নাযায় ৷ পিছে এটা এপ আছে যিয়ে এনে পৰিস্থিতিত আপোনাক সকাহ দিব পাৰিব ৷ আপোনাৰ ডাটা কোনেও আহৰণ কৰিব নোৱাৰে এই কাম কৰাৰ পাচত ৷
এপটোৰ সহায়ত আপুনি ফোন হেৰালে বা চুৰি হ'লে সহজতেই বিচাৰি পাব । এই কঠিন পৰিস্থিতিত, এণ্ড্ৰইড ফোনত পোৱা ফাইণ্ড মাই ডিভাইচ সেৱা আপোনাৰ বাবে অতি কাৰ্যকৰী হ'ব পাৰে । ফাইণ্ড মাই ডিভাইচ এটা গুগল এপ । এই এপটো গুগল প্লে ষ্টোৰত উপলব্ধ । এই এপটোৱে ডিভাইচসমূহলৈ দূৰৱৰ্তী প্ৰৱেশাধিকাৰ প্ৰদান কৰে । এই এপটো হেৰাই যোৱা বা চুৰি হোৱাৰ পিচত ফোনটোৰ অৱস্থান অনুসন্ধান কৰিবলৈ, ইয়াক সম্পূৰ্ণৰূপে লক কৰিবলৈ আৰু ফোনৰ ডাটা বিলোপ কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা হৈছে ।
ফাইণ্ড মাই ডিভাইচ কেনেদৰে ব্যৱহাৰ কৰিব