অসম

assam

ETV Bharat / technology

ছেকেণ্ড হেণ্ড বা ব্যৱহৃত গাড়ী কিনাৰ পূৰ্বে মন দিয়ক এইকেইটা দিশলৈ - Tips for Used Car Buyers - TIPS FOR USED CAR BUYERS

Second Hand Car Buying Tips: ছেকেণ্ড হেণ্ড বা ব্যৱহৃত গাড়ী কিনাৰ সময়ত বহুলোকেই প্ৰতাৰিত হয় । এই দিশলৈ লক্ষ্য ৰাখি আমি ছেকেণ্ড হেণ্ড গাড়ী কিনাৰ সময়ত আপুনি মনত ৰাখিবলগীয়া কিছু দিশৰ কথা এই প্ৰতিবেদনযোগে উল্লেখ কৰিছে---

Etv Bharat
ছেকেণ্ড হেণ্ড বা ব্যৱহৃত গাড়ী কিনাৰ পূৰ্বে মন দিয়ক এইকেইটা দিশলৈ (ETV Bharat)

By ETV Bharat Tech Team

Published : Sep 28, 2024, 5:23 PM IST

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ:সকলোৱে বিচাৰে নিজৰ এখন গাড়ী থকাটো ৷ অৱশ্যে আৰ্থিক দিশলৈ লক্ষ্য ৰাখি নতুন গাড়ী কিনাটো সকলোৰে বাবে সম্ভৱপৰ নহয় ৷ আনকি বহুতে প্ৰথমবাৰৰ বাবে গাড়ী কিনাৰ কথা ভাবিলেও ব্যৱহৃত গাড়ী কিনিব বিচাৰে ৷ অৱশ্যে পুৰণি গাড়ী কিনাটো অৰ্থাৎ বাচনি কৰাটো বৰ উজু কাম নহয় ৷ আনকি এইক্ষেত্ৰত প্ৰৱঞ্চনাৰ মুখামুখি হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি ৷ গতিকে পুৰণি বা ব্যৱহৃত গাড়ী কিনাৰ আগতে কেইটামান কথাৰ প্ৰতি সাৱধান হোৱা উচিত ৷ সকলো নথি-পত্ৰৰ পৰা আৰম্ভ কৰি গাড়ীখনৰ বৰ্তমানৰ অৱস্থালৈকে সকলো পৰীক্ষা কৰা উচিত ৷ ব্যৱহৃত গাড়ী কিনাৰ আগতে কি কি দিশ পৰীক্ষা কৰিব লাগে জানো আহক---

গাড়ীখন ভালদৰে পৰীক্ষা কৰক: ছেকেণ্ড হেণ্ড বা ব্যৱহৃত গাড়ী কিনাৰ আগতে ইয়াৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰা উচিত ৷ প্ৰয়োজন হ’লে মেকানিক বা গাড়ী মেৰামতি কৰা ব্যক্তিৰ দ্বাৰা গাড়ীৰ অৱস্থা পৰীক্ষা কৰিব লাগে ৷

টায়াৰ পৰীক্ষা কৰক: ব্যৱহৃত গাড়ী কিনিলে টায়াৰৰ অৱস্থা পৰীক্ষা কৰিবলৈ নাপাহৰিব । যদি টায়াৰৰ অৱস্থা বেয়া হয় তেন্তে তৎক্ষণাত সলনি কৰাটো দৰকাৰী । ব্যৱহৃত গাড়ী কিনাৰ পিছত শীঘ্ৰে টায়াৰ সলনি কৰিব লাগে । অন্যথা দুৰ্ঘটনাৰ আশংকা থাকে ৷

গাড়ীখনৰ বৰ্তমানৰ অৱস্থা: ছেকেণ্ড হেণ্ড গাড়ী কিনাৰ আগতে ইয়াৰ চাৰ্ভিচিঙৰ সকলো তথ্য পৰীক্ষা কৰক । ইয়াৰ দ্বাৰা বাহনখনৰ সঠিক চাৰ্ভিচিং কৰা হৈছে নে নাই সেই কথা জানিব পাৰিব । ইয়াৰ দ্বাৰা গাড়ীখন কিমান ভালদৰে ৰক্ষণাবেক্ষণ কৰা হৈছে সেয়াও জানিব পৰা যাব ৷

পঞ্জীয়ন পৰীক্ষা কৰক: ছেকেণ্ড হেণ্ড গাড়ী কিনাৰ আগতে ইয়াৰ পঞ্জীয়ন আছে নে নাই পৰীক্ষা কৰক ৷ লগতে বাহনখনৰ সকলো অংশ পুৰণি হৈছে নে নাই পৰীক্ষা কৰা উচিত যাৰ দ্বাৰা গাড়ীখন কেতিয়া কিনা হৈছিল সেই বিষয়ে সহজেই অৱগত হ’ব পাৰি ?

বীমা: ব্যৱহৃত গাড়ী কিনাৰ সময়ত বীমা আপোনাৰ নামলৈ স্থানান্তৰিত হোৱা উচিত । নহ’লে আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

টেষ্ট ড্ৰাইভ লওক: ব্যৱহৃত গাড়ী কিনাৰ আগতে গাড়ীখন টেষ্ট ড্ৰাইভ কৰা উচিত । গাড়ী চলোৱাৰ পিছত ব্ৰেক, ক্লাচ, এক্সিলেটৰে সঠিকভাৱে কাম কৰি আছে নে নাই পৰীক্ষা কৰক, তাৰ পিছত গাড়ীখন কিনাৰ সিদ্ধান্ত লওক । কোনো ধৰণৰ আইনী সমস্যাৰ পৰা হাত সাৰিবলৈ ব্যৱহৃত গাড়ী কিনাৰ সময়ত গাড়ীৰ নথি-পত্ৰ সঠিকভাৱে পৰীক্ষা কৰক ।

লগতে পঢ়ক:টাটা নেক্সন ইভিত অগ্নিকাণ্ড; গ্ৰাহকক 16.95 লাখ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ টাটা মটৰছক - Nexon EV Fire incident

তিনিটাকৈ ভেৰিয়েণ্টত বজাৰত মুকলি MG Windsor EV - MG Windsor EV Prices Revealed

ABOUT THE AUTHOR

...view details