হায়দৰাবাদ: মাত্ৰ কেইমাহমান পূৰ্বে গুগল পিক্সেল 9 ছিৰিজে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত মুকলি হৈছিল । এই ফ্লেগশ্বিপ ছিৰিজত চাৰিটা মডেল মুকলি কৰা হৈছিল, ইয়াৰে এটা হৈছে ভাঁজ কৰিব পৰা স্মাৰ্টফোন । এতিয়া গুগলে এই লাইনআপৰ আটাইতকৈ সুলভ মূল্যৰ মডেল পিক্সেল 9A মুকলিৰ বাবে সাজু হৈছে । এই বহু প্ৰত্যাশিত ডিভাইচটো অতি সোনকালে বজাৰত মুকলি হ’ব পাৰে ৷ ইতিমধ্যে ইয়াৰ মূল্য আৰু কিছুমান বৈশিষ্ট্যই অনলাইনত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । এই ফোনটোৱে পিক্সেল 9 ছিৰিজৰ আন ফোনসমূহৰ ডিজাইনৰ প্ৰতিফলন ঘটাব বুলি আশা কৰা হৈছে ।
চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা গুগল পিক্সেল 8A ৰ উন্নীতকৰণ হিচাপে গুগলৰ এই মিড ৰেঞ্জ স্মাৰ্টফোনটোৱে বিভিন্ন উন্নীতকৰণ আগবঢ়াব । কেমেৰাৰ ক্ষমতা আৰু হাৰ্ডৱেৰ বৈশিষ্ট্য দুয়োটাতে উন্নতি আশা কৰা হৈছে । প্ৰতিবেদন অনুসৰি Pixel 9a ত উন্নত AI কাৰ্যক্ষমতাৰ সৈতে শেহতীয়া Tensor G4 চিপছেট থাকিব পাৰে । এণ্ড্ৰইড হেডলাইনছৰ মতে, এই স্মাৰ্টফোনটোৰ মূল্য প্ৰায় 499 মাৰ্কিন ডলাৰ (প্ৰায় 42,000 টকা)ৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ই আইৰিছ, পৰ্চেলেইন আৰু অব্চিডিয়ানৰ দৰে ৰঙৰ বিকল্পত উপলব্ধ হ’ব ।
Google Pixel 9a প্ৰত্যাশিত স্পেচিফিকেশন
মুকলি হ’বলগীয়া এই স্মাৰ্টফোনটোৱে 6.285 ইঞ্চিৰ এক্টুয়া ডিছপ্লে ব্যৱহাৰ কৰিব পাৰে, যিয়ে 2700 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বল হ’ব আৰু এইচডিআৰ সমৰ্থন কৰিব । ডিছপ্লেটো কৰ্নিং গৰিলা গ্লাছ 3ৰ দ্বাৰা সুৰক্ষিত আৰু ইন-হাউছ টেনছৰ G4 চিপছেটৰ দ্বাৰা চালিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াত অতিৰিক্ত নিৰাপত্তাৰ বাবে ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ থাকিব । পিক্সেল 9 ছিৰিজৰ প্ৰিমিয়াম সমকক্ষৰ দৰেই ইয়াতো এটা ডেডিকেটেড টাইটান M2 ছিকিউৰিটি চিপ থাকিব পাৰে ।