ETV Bharat / state

ডিমা হাছাওত আয়োজন ফেলকন ফেষ্টিভেল ২০২৪ - FALCON FESTIVAL 2024

শুকুৰবাৰৰ পৰা ডিমা হাছাও জিলাত আয়োজন ফেলকন ফেষ্টিভেল ২০২৪ৰ দশম সংস্কৰণ ৷ ইয়াৰ লক্ষ্য পাহাৰীয়া জিলাখনৰ সংস্কৃতিক দিশৰ লগতে আমূৰ ফেলকনৰ বিষয়ে সজাগতা সৃষ্টি কৰা৷

10th edition of the Falcon Festival
ফেলকন ফেষ্টিভেল ২০২৪ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 8:10 PM IST

হাফলং : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত ফেলকন ফেষ্টিভেল ২০২৪ ৰ দশম সংস্কৰণ ৷ ডিমা হাছাও জিলাৰ বিভিন্ন জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত নৃত্য আৰু সংগীতৰ মাজেৰে আৰম্ভ হৈছে এই ফেষ্টিভেল ।

এই ফেষ্টিভেল বা উৎসৱত কেৱল পাহাৰীয়া জিলাখনৰ সংস্কৃতি প্ৰদৰ্শন কৰাই নহয় লগতে ‘‘আমূৰ ফেলকন”ৰ বিষয়ে সজাগতা সৃষ্টি কৰাও ইয়াৰ অন্যতম লক্ষ্য ৷ ইতিমধ্যে সকলোৱে জানে যে প্ৰতিটো শীতকালতে অসমৰ অন্যতম পাহাৰীয়া জিলালৈ আহে পৰিভ্ৰমী পক্ষী “আমূৰ ফেলকন” ৷ সেয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰিভ্ৰমী চৰাই আমূৰ ফেলকনৰ সজাগতাৰ বাবেও এই উৎসৱ উদযাপন কৰা হৈছে ।

10th edition of the Falcon Festival 2024 is being held in Dima Hasao district
ফেলকন ফেষ্টিভেল ২০২৪ (ETV Bharat Assam)

এই চৰাইবোৰৰ বাৰ্ষিক আগমনো প্ৰকৃতিৰ এক আশ্চৰ্যকৰ বিষয় বুলি ধৰা হয় ৷ কিয়নো আমূৰ ফেলকনে নিজৰ যাত্ৰাৰ সময়ত ডিমা হাছাওক অন্যতম মূল ষ্টপ অভাৰ হিচাপে বাছি লয় । এই অনন্য পৰিঘটনাই পাৰ্বত্য জিলাখনৰ পৰিৱেশৰ গুৰুত্ব আৰু পৰ্যটনৰ বাবে এক প্ৰধান স্থান হিচাপেও পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি

লগতে পঢ়ক : মানাহত তিনিগুণ বৃদ্ধি ঢেঁকীয়াপতীয়াৰ সংখ্যা

উল্লেখ্য যে, ফেলকন ফেষ্টিভেল উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰা ৷ ইয়াৰ লক্ষ্য হৈছে প্ৰকৃতিৰ প্ৰতি আৰু অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে ডিমা হাছাওৰ পৰ্যটনৰ বৃদ্ধিতো অৰিহণা যোগোৱা ৷ সেয়ে এই লক্ষ্য উদ্দেশ্যক সাৰোগত কৰিয়েই প্ৰতিবছৰে ফেলকন মহোৎসৱ আয়োজন কৰি আহিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু জিলাৰ পৰ্যটন বিভাগে ।

ফেলকন ফেষ্টিভেল ২০২৪ৰ দশম সংস্কৰণ (ETV Bharat Assam)

এই মেগা ইভেণ্টৰ প্ৰধান লক্ষ্য হৈছে পাৰ্বত্য জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, ঐতিহ্য আৰু সাংস্কৃতিক দিশটো সকলোৰে আগত তুলি ধৰা । ইয়াৰ উপৰিও এই অসমৰ অন্যতম পাহাৰীয়া জিলাৰ প্ৰাকৃতিক সম্পদ উপভোগ কৰা আৰু দেশ-বিদেশৰ পৰ্যটকসকলৰ বাবে এই উৎসৱক এক অবিস্মৰণীয় অভিজ্ঞতা হিচাপে গঢ়ি তোলাও ইয়াৰ অন্যতম লক্ষ্য বুলি মত প্ৰকাশ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

লগতে পঢ়ক : গোষ্ঠী হিংসাই স্পৰ্শ নকৰা মণিপুৰৰ তামেংলঙত আমূৰ ফেলকন উৎসৱ

লগতে পঢ়ক : প্ৰায় 9 বছৰৰ পাচত জাতিংগাত দৃশ্যমান টাইগাৰ বিটাৰ্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.