নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় নেভিগেশ্যন এপটো হৈছে গুগল মেপছ । এই এপটোৰ সহায়ত আজিৰ যুৱক-যুৱতীসকলৰ লগতে যিকোনো ব্যক্তিয়ে যিকোনো অচিনাকি ঠাইলৈ সহজে যাব পাৰে । কাৰণ গুগল এপটোৱে আপুনি যাবলগীয়া ঠাইখনৰ বাটটো দেখুৱায় । মানুহৰ সহায় হোৱাকৈ এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক নতুন নতুন সুবিধা প্ৰদানৰ বাবে সদায় চেষ্টা কৰি আছে । শেহতীয়াকৈ এপটোৱে টাইম মেচিন নামৰ এটা অতি আকৰ্ষণীয় বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে । এই বৈশিষ্ট্যৰ সহায়ত আপুনি যিকোনো ঠাইৰ পুৰণি ফটো চাব পাৰিব ।
পুৰণি ফটো চাব পাৰিব
গুগল মেপে প্ৰৱৰ্তন কৰিছে ‘Time Machine’ নামৰ এক অতি উত্তেজনাপূৰ্ণ বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ সহায়ত আপুনি যিকোনো ঠাইৰ পুৰণি ফটো চাব পাৰিব । উক্ত সময়খিনিলৈ ঘূৰি গৈ চাব পাৰিব ফটোবোৰ আৰু নষ্টালজিক হৈ পৰিব । এই বৈশিষ্ট্য ইমানেই উপকাৰী যে ব্যৱহাৰকাৰীয়ে আনকি প্ৰাক্তন স্বামী অথবা প্ৰিয়জনৰ ফটোও চাব পাৰে ।