প্ৰতিবেদন যুগুত কৰিছে অনুভা জৈনে
হায়দৰাবাদ: আমাৰ গেলেক্সি, নক্ষত্ৰপুঞ্জ (Milky Way) অগণন । আকাশীগংগা হৈছে এটা বেৰ্ড স্পাইৰেল গেলেক্সি, য’ত আমাৰ সৌৰজগত, তৰা, গ্ৰহ আৰু অন্যান্য মহাজাগতিক বস্তুবোৰ আছে । আকাশগংগা স্থানীয় গেলেক্সি গোটৰ এটা অংশ আৰু ই ভাৰ্গো সুপাৰক্লাষ্টাৰত অৱস্থিত । পৃথিৱীৰ পৰা চালে ইয়াক ৰাতিৰ আকাশৰ এটা ধোঁৱাকোৱা আলোকৰ ৰেখাৰ দৰে দেখা যায়, য’ত বহু দূৰৈৰ তৰাবোৰ একেলগে দেখা পোৱা যায় যদিও প্ৰত্যেকটো তৰা পৃথকে দেখা নাযায় ।
ভাৰতীয় জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Astrophysics, IIA)ৰ অধিকাৰী প্ৰফেছৰ অন্নপূৰ্ণি সুব্ৰমনিয়ামে ETV ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কয়, "আকাশীগংগা, যাক সৰু মহাবিশ্ব বুলিও ক’ব পাৰি, ইয়াৰ নিজা কেবাটাও উপগ্ৰহ গেলেক্সি আছে । গেলেক্সিবোৰ গোট আৰু ক্লাষ্টাৰ হিচাপে গঠিত হয় । আকাশীগংগাৰ বয়স মহাবিশ্বৰ সমানে পুৰণি, কাৰণ মহাবিশ্বৰ বয়স অতি প্ৰাচীন । ইয়াৰ গঠনৰ লগতে আমি ইয়াৰ বিকাশ আৰু সময়ৰ সৈতে ইয়াৰ পৰিৱৰ্তন কেনেদৰে হৈছে সেইবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে ।"
প্ৰটো গেলেক্সিৰ পৰা স্পাইৰেল গেলেক্সিলৈ
প্ৰটো গেলেক্সি হৈছে গেলেক্সি গঠনৰ প্ৰথম পদক্ষেপ, য’ত প্ৰধানকৈ হাইড্ৰ’জেন গেছ আৰু ডাৰ্ক মেটাৰ থাকে । বেছিভাগ স্পাইৰেল গেলেক্সি, যেনে আকাশগংগা, ইয়াৰ কেন্দ্ৰত এটা সৰু ইলিপ্টিকেল গেলেক্সি থাকে, য’ত সৰু বাল্জ আৰু কেন্দ্ৰীয় বেৰ থাকে । সুব্ৰমনিয়ামে কৈছে যে এটা ডাঙৰ গেছৰ মেঘ (প্ৰধানকৈ হাইড্ৰ’জেন) ঠাণ্ডা হৈ গুৰুত্বাকৰ্ষণৰ বাবে কণাবোৰ একেলগে জমা হয় আৰু তাৰ পৰাই তৰা গঠন আৰম্ভ হয় ।
মেঘটো ঘনীভূত হৈ তৰা গঠন কৰে, শক্তি আৰু তাপ মুক্ত কৰে । মেঘটো সংকুচিত হৈ যায়, ইয়াৰ কৌণিক ভৰবেগ সংৰক্ষিত হৈ ঘূৰ্ণনৰ বেগ বৃদ্ধি কৰে আৰু ইয়াৰ ফলত মেঘটো চেপেটা হৈ ডিস্কৰ আকাৰ লয় । এই ঘূৰ্ণনশীল ডিস্কত তৰা আৰু গ্ৰহ গঠন হয় । সময়ৰ লগে লগে এই ঘূৰ্ণনৰ ফলত স্পাইৰেল গেলেক্সিৰ ডিস্ক গঠন হয় আৰু গেলেক্সিৰ মিথ্ৰিয়কৰণ আৰু সংঘৰ্ষৰ দ্বাৰা ইয়াৰ আকাৰ পৰিৱৰ্তন হয় ।
আকাশীগংগাৰ ভৱিষ্যত: এটা মহাজাগতিক সংঘৰ্ষ
বিজ্ঞানীসকলে ভৱিষ্যতবাণী কৰিছে যে প্ৰায় 4.5 বিলিয়ন বছৰৰ পিছত আকাশীগংগা আৰু এণ্ড্ৰমিডা গেলেক্সিৰ মাজত সংঘৰ্ষ হ’ব, যাৰ ফলত অলপ সময়ৰ বাবে তৰা গঠনৰ প্ৰক্ৰিয়া অধিক হ’ব । এই সংযুক্তিৰ পিছত নতুন গেলেক্সিটোৱে ইলিপ্টিকেল আকৃতি ল’ব পাৰে আৰু নতুন তৰা গঠনৰ পৰিমাণ কমি যাব । সূৰ্যক সম্ভৱতঃ নতুন এটা অঞ্চললৈ ঠেলি পঠিওৱা হ’ব, কিন্তু পৃথিৱী ধ্বংস নহয় । তৰাবোৰৰ মাজত কোনোধৰণৰ সংঘৰ্ষ নঘটে যদিও সিহঁতৰ কক্ষপথ সলনি হ’ব আৰু আমাৰ সৌৰজগত গেলেক্সিৰ কেন্দ্ৰৰ পৰা আঁতৰলৈ যাব পাৰে ।
তেওঁ কয়, "যদি সূৰ্যৰ এটা তৰাৰ সৈতে সংঘৰ্ষ হয়, তেন্তে আমি সূৰ্য আৰু ইয়াৰ ওচৰৰ তৰাবোৰৰ গতিপথ নিৰ্ণয় কৰিব লাগিব । একেদৰে, গেলেক্সিবোৰও মহাকাশত গতি কৰে, কেতিয়াবা সংঘৰ্ষ হয় বা বাইনেৰী যোৰ গঠন কৰে । লাৰ্জ মেগেলানিক ক্লাউড আৰু স্মল মেগেলানিক ক্লাউড হৈছে আকাশীগংগাৰ ওচৰত থকা আটাইতকৈ ওচৰৰ নক্ষত্ৰপুঞ্জ, কিন্তু আমি সিহঁতৰ গতি বা সিহঁত কেনেকৈ আকাশীগংগাৰ কাষেৰে পাৰ হয় সেইবোৰ সম্পূৰ্ণকৈ বুজা নাই । সিহঁতৰ কক্ষপথ আৰু গতি ট্ৰেক কৰিবলৈ আমি বিগত 20 বছৰৰ তথ্য সংগ্ৰহ কৰিছো । অৱশ্যে, এই গেলেক্সিবোৰৰ ভৰ নিৰ্ণয় কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা আমি জানিব পাৰিম যে সিহঁতে আকাশীগংগাৰ সৈতে সংঘৰ্ষ কৰিব নে নকৰে ৷"
তেওঁ পুনৰ কয়, "ডাটাই এণ্ড্ৰ’মিডাৰ সৈতে সংঘৰ্ষৰ সম্ভাৱনা সূচায় যদিও, পূৰ্বৰ গৱেষণাই ইংগিত দিয়ে যে মেগেলানিক ক্লাউডবোৰ আন এটা গেলেক্সিৰ পৰা উৎপত্তি হৈছে, যিয়ে এণ্ড্ৰমিডাৰ সৈতে মিথ্ৰিয়াকৰণ কৰিছে । গতিকে, আমি সংঘৰ্ষৰ মডেলবোৰত সম্পূৰ্ণকৈ নিৰ্ভৰ কৰিব নোৱাৰোঁ, কাৰণ এইক্ষেত্ৰত অনিশ্চয়তা থাকি গৈছে ৷ বিশেষকৈ এই গেলেক্সিবোৰৰ ভৰ আৰু বেগৰ বিষয়ত ৷"
গৱেষণা অনুসৰি, আগন্তুক কেইবাবিলিয়ন বছৰত আকাশীগংগাত তৰা গঠনৰ পৰিমাণ কমি যাব, কাৰণ গেছৰ পৰিমাণ কমি আহিব আৰু সম্ভৱতঃ 10-15 বিলিয়ন বছৰৰ ভিতৰত তৰা গঠন সম্পূৰ্ণৰূপে বন্ধ হৈ যাব । তাৰ পিছত গেলেক্সিটো প্ৰধানকৈ পুৰণি, ম্লান তৰাবোৰেৰে গঠিত হ’ব । সময়ৰ সৈতে তৰাবোৰৰ বয়স বৃদ্ধি হ’ব আৰু নাইকিয়া হৈ যাব ।
সুব্ৰমনিয়ামে পুনৰ ব্যাখ্যা কৰি কয়, "গেলেক্সিৰ গোটত, বেছি ভৰযুক্ত গেলেক্সিবোৰ সাধাৰণতে কেন্দ্ৰত পোৱা যায় আৰু গেছৰ অভাৱ থাকে । গেছবোৰ গেলেক্সিৰ পৰা আঁতৰোৱা হৈছে কেইবাটাও কাৰণত, য’ত তৰা গঠনৰ বাবে গেছ ব্যৱহৃত হোৱাও অন্তৰ্ভুক্ত । ইয়াৰ উপৰি, গেলেক্সিৰ গতিৰ বাবে হোৱা ৰাম প্ৰেছাৰে গেছ আঁতৰাই পেলাব পাৰে । ক্লাষ্টাৰৰ ভিতৰত থকা মাধ্যমৰ পৰা হোৱা ৰাম প্ৰেছাৰ বল গেলেক্সিত থকা গেছক বান্ধি ৰখা গুৰুত্বাকৰ্ষণ বলতকৈ বেছি শক্তিশালী ৷"
ডাঙৰ মেগেলানিক ক্লাউডত গেছ আছে, আনহাতে সৰু মেগেলানিক ক্লাউডত আৰু বেছি গেছ আছে, সুব্ৰমনিয়ামে কয় । সুব্ৰমনিয়ামে আকৌ কয় যে এই মেঘবোৰ আকাশীগংগাৰ দ্বাৰা গতিশীলভাৱে প্ৰভাৱিত হয় আৰু আকাশীগংগাৰ ওচৰত এনেধৰণৰ গেছ-সমৃদ্ধ গেলেক্সি পোৱাটো অস্বাভাৱিক । গেলেক্সিবোৰ ৰঙা আৰু মৃত হৈ পৰে যদি সিহঁত একাকীভাৱে বিকাশ লাভ কৰে, অৰ্থাৎ মিথ্ৰিয়াকৰণ বা গেছৰ প্ৰৱাহৰ পৰা বঞ্চিত হয় ।
সুব্ৰমনিয়ামে মহাজাগতিক বিকিৰণ আৰু প্ৰাৰম্ভিক মহাবিশ্বই আকাশীগংগাৰ গঠনত কেনে প্ৰভাৱ পেলাইছে সেই বিষয়ে আলোচনা কৰি কৈছে, "আকাশীগংগাৰ গঠনৰ বাবে কোনো বিশেষ অৱস্থাৰ প্ৰয়োজন নাছিল, ইয়াৰ বাবে কেৱল এটা কথা হ’ল ইয়াৰ উচ্চ ঘনত্বৰ অঞ্চলত নথকা, য’ত ই আন এটা গেলেক্সিৰ সৈতে মিলিত হ’ব পাৰিলেহেঁতেন বা শোষিত হ’ব পাৰিলেহেঁতেন । ইয়াৰ ফলত গেলেক্সিটোৱে অধিক সময় জীয়াই থাকিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ স্পাইৰেল গঠন বজাই ৰাখিছিল।"
তেওঁ আকাশীগংগাক বুজিবলৈ ডপলাৰ শ্বিফ্ট বা প্ৰভাৱ আৰু স্পেক্ট্ৰস্কোপিৰ ভূমিকাও ব্যাখ্যা কৰিছে । "বস্তুবোৰৰ গতি আৰু বেগ জুখিবলৈ আমি ডপলাৰ ইফেক্টৰ ওপৰত নিৰ্ভৰ কৰোঁ । এই মৌলিক ধাৰণাটোৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানীসকলে নিৰ্ণয় কৰিব পাৰে যে এটা বস্তু গতিশীল হয়নে নহয় আৰু ইয়াৰ বেগ কিমান । ইয়াৰ দুটা মূল দিশ আছে: এটা হ’ল পজিচনেল শ্বিফ্ট, যিয়ে দেখুৱায় যে বস্তুটো গতিশীল আৰু আনটো হ’ল তৰংগদৈৰ্ঘ বা ফ্ৰিকোৱেন্সিৰ পৰিৱৰ্তন, যিয়ে সূচায় যে বস্তুটো পৰ্যবেক্ষকৰ ফালে আহি আছে নে দূৰলৈ গৈ আছে । মূলতঃ, ডপলাৰ ইফেক্টে গেলেক্সি আৰু তৰাবোৰৰ পোহৰৰ শ্বিফ্ট বিশ্লেষণ কৰি সিহঁতৰ গতি কেনেকৈ হয় সেইবোৰ ট্ৰেক কৰাত আমাক সহায় কৰে ।"
গাইয়া মিছন আৰু হাবল স্পেচ টেলিস্কোপ
বিশ্বৰ দুটা সবাতোকৈ শক্তিশালী স্পেচ টেলিস্কোপ—নাছা আৰু ইছাৰ হাবল স্পেচ টেলিস্কোপ আৰু ইছাৰ গাইয়া মিছন ৷ এয়া ব্যৱহাৰ কৰি জ্যোতিৰ্বিজ্ঞানীসকলে এতিয়ালৈকে মহাবিশ্ব সম্প্ৰসাৰণৰ হাৰৰ সবাতোকৈ সঠিক জোখ-মাখ কৰিছে ।