নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ:দেশত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইমৰ ঘটনা ৷ অপৰাধীৰ দৃষ্টিৰ পৰা সাৰি নাযায় বৃদ্ধ পৰ্যন্ত ৷ এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত ৷জানিবপৰা মতে, ভুক্তভোগী বৃদ্ধজনৰ পৰা দুষ্কৃতিকাৰীয়ে লুটি নিলে 13.26 কোটি টকা ।
কিছুদিন পূৰ্বে সংঘটিত হোৱা এক কেলেংকাৰিৰ সৈতে এই ঘটনাৰ সম্পৰ্ক আছে বুলি আৰক্ষীয়ে জনায় । ইয়াৰ পূৰ্বে হায়দৰাবাদত এজন ব্যক্তিক 8.6 কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল অপৰাধীয়ে ৷ উক্ত কেলেংকাৰীৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰোৱে ।
অনলাইন ষ্টক ট্ৰেডিং টিপছ অফাৰ: শেহতীয়া ঘটনাটো হায়দৰাবাদৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সৈতে জড়িত । অনলাইন ষ্টক ট্ৰেডিং টিপছ দিয়া এটা মেছেজ হোৱাটছএপযোগে তেওঁ লাভ কৰিছিল । পূৰ্বে শ্বেয়াৰ বজাৰৰ পৰা লাভৱান হোৱা বৃদ্ধগৰাকীয়ে এই বাৰ্তাৰ প্ৰতি সঁহাৰি জনাইছিল । ইয়াৰ পিছতে প্ৰৱঞ্চকসকলে এ এফ এছ এল, আপষ্টক্স আৰু ইণ্টাৰনেশ্যনেল ব্ৰোকাৰছ (আই বি)ৰ দৰে বিখ্যাত কোম্পানীসমূহৰ নামত লিংক প্ৰেৰণ কৰি হোৱাটছএপ গ্ৰুপত অংশগ্ৰহণ কৰিবলৈ তেওঁক বাধ্য কৰাইছিল ।
ষ্টক মাৰ্কেটত বিনিয়োগ: উল্লেখিত কোম্পানীবোৰৰ প্ৰতিনিধি হিচাপে দুষ্ট চক্ৰটোৱে বৃদ্ধ ব্যক্তিগৰাকীক ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে । প্ৰথম অৱস্থাত বৃদ্ধগৰাকীক লাভ কম হ’ব বুলি জনোৱা হৈছিল । গতিকে তেওঁলোকে বিশ্বাস কৰিলে । পিছত দুষ্ট চক্ৰটোৱে তেওঁক ধন উলিয়াবলৈ কয় । সেয়ে বৃদ্ধজনে এবাৰতে 13.26 কোটি টকা দিলে । অৱশ্যে পিছত প্ৰৱঞ্চকসকলে বৃদ্ধজনৰ প্ৰতি সঁহাৰি দিয়া বন্ধ কৰি দিয়ে । তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰি বৃদ্ধজনে 2 ছেপ্টেম্বৰত TGCSBত অভিযোগ দাখিল কৰে ।
তদন্ত অব্যাহত, 3 গ্ৰেপ্তাৰ: তদন্তৰ সময়ত TGCSB য়ে হিমায়তনগৰৰ হায়দৰাবাদ মেট্ৰ’ ৰে’লৱেৰ কৰ্মচাৰী মহম্মদ আথিৰপাছা (25)ৰ বেংক একাউণ্টত কিছু ধন ট্ৰেন্সফাৰ হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা কৰাৰ পিছত আন দুজন ইয়াৰ সৈতে জড়িত থকাৰ কথা পোহৰলৈ আহে । আন দুজনৰ নাম হ’ল হিমায়তনগৰৰ আৰাফাত খালেদ মহিউদ্দিন (25) আৰু চাৰ্মিনাৰ ফাতেহ দৰৱাজাৰ চৈয়দ খাজা হাছিমুদ্দিন (24) ।