অসম

assam

ETV Bharat / technology

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ

Congestion tax in Delhi: দিল্লী চৰকাৰে যান-জঁট নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ৷ যান-জঁট থকা পথত নতুনকৈ যান-জঁটৰ কৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে ।

By ETV Bharat Tech Team

Published : 4 hours ago

Etv Bharat
ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ (IANS)

নিউজ ডেস্ক, 9 অক্টোবৰ:দেশৰ ৰাজধানী দিল্লী, মুম্বাই আৰু বেংগালুৰুৰ দৰে ভাৰতৰ প্ৰধান মহানগৰসমূহত যান-জঁট এটা সাধাৰণ কথা হৈ পৰিছে যদিও ই বহু সময়ত সৃষ্টি কৰি আহিছে গুৰুত্বপূৰ্ণ সমস্যাৰ । দ্ৰুত নগৰীকৰণ, পথত যান-জঁট , বায়ুৰ গুণাগুণ আৰু যাতায়তৰ বাবে দীৰ্ঘ সময় আদি কিছুমান বিষয় বৰ্তমান গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে ।

দিনটোৰ আটাইতকৈ ব্যস্ত সময়ত পথত যান-জঁটৰ সমস্যা মোকাবিলা কৰিবলৈ আৰু যাতায়ত ৰোধ কৰিবলৈ দিল্লী চৰকাৰে মহানগৰীখনত যান-জঁটৰ কৰ নীতি প্ৰণয়নৰ লক্ষ্য লৈছে বুলি চৰকাৰী এগৰাকী জ্যেষ্ঠ বিষয়াই জনায় । দিল্লী চৰকাৰৰ বিশেষ পৰিবহণ আয়ুক্ত শ্বাহজাদ আলমে কয়, "পৰিবহণ পৰিচালনাৰ বাবে নতুন ধন আবণ্টন দিয়া হৈছে ৷ আমি যিটো কাম কৰি আছো তাৰ নাম কনজেচন প্ৰাইচিং ।"

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ (IANS)

কনজেচন প্ৰাইচিং কৌশলৰ বাবে ৰোডমেপ কি?

তথ্য অনুসৰি দিল্লী চৰকাৰে শীৰ্ষ চাহিদা থকা অঞ্চলত কনজেচন টেক্স আৰোপ কৰিব আৰু এই পৰিকল্পনা বৰ্তমান অন্তিম পৰ্যায়ত আছে । পাইলট পৰ্যায়ত চৰকাৰে দিল্লীৰ সীমান্ত/বাহিৰৰ 13 টা স্থান চিনাক্ত কৰিছে য’ত যান-জঁটৰ কৰ আৰোপ কৰা হ’ব । কনজেচন প্ৰাইচিঙে এনে এক কৌশলক বুজায় য’ত ৰাজ্য চৰকাৰে যান-জঁটৰ সময়ত নিৰ্দিষ্ট পথ বা পথ ব্যৱহাৰ কৰাৰ বাবে চালকৰ পৰা ধন লয় ।

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ (IANS)

শ্বাহজাদ আলমে কয় যে দিল্লী চৰকাৰে ৰাজহুৱা পৰিবহণ বা বিকল্প পথৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ আগবাঢ়িছে । অৱশ্যে ধন আদায় নহয় বৰঞ্চ মহানগৰখন কম প্ৰদূষিত আৰু যান-জঁট ৰোধ কৰাহে ইয়াৰ উদ্দেশ্য বুলি তেওঁ কয় ।

কনজেচন প্ৰাইচিঙৰ বাবে আইনী কাঠামো

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ (IANS)

সমগ্ৰ বিশ্বৰ বিভিন্ন দেশ যেনে ব্ৰিটেইন, আমেৰিকা আৰু ছিংগাপুৰে পথত যান-জঁট হ্ৰাস কৰিবলৈ যান-জঁটৰ মূল্য নিৰ্ধাৰণৰ পৰিকল্পনা সফলতাৰে ৰূপায়ণ কৰিছে । দিল্লীত ইয়াক সফলতাৰে ৰূপায়ণ কৰিবলৈ চৰকাৰক মানুহৰ পৰা চাৰ্জ ল’বলৈ বিশদ আইনী সমৰ্থনৰ প্ৰয়োজন । চৰকাৰে ইয়াৰ সম্ভাৱ্য সমাধান আৰু দিল্লী মটৰ গাড়ীৰ নিয়ম বা কেন্দ্ৰীয় মটৰ গাড়ী নিয়মত প্ৰয়োজনীয় পৰিৱৰ্তনৰ ওপৰত চকু ৰাখিছে ।

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ (IANS)

কনজেচন টেক্স পৰিশোধ কৰাৰ পদ্ধতি

দিল্লীৰ পথত যাতায়ত ক্ষিপ্ৰ কৰাৰ পদক্ষেপ পূৰণৰ বাবে চৰকাৰে যান-বাহন সংগ্ৰহৰ এক অনন্য পদ্ধতি প্ৰস্তুত কৰিছে । ফাষ্ট টেগৰ জৰিয়তে চৰকাৰে সংগ্ৰহ কৰিব কনজেচন টেক্স । অৱশ্যে এই কাম কোনো বাধা নোহোৱাকৈ কৰা হ’ব বুলি আলমে কয় ।

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ (IANS)

আলমে কয় যে ইয়াৰ বাবে আৰ এফ আই ডি ৰিডাৰ আৰু এন পি আৰ (নম্বৰ প্লেট চিনাক্তকৰণ) কেমেৰাৰ সৈতে প্ৰৱেশদ্বাৰৰ প্ৰয়োজন । সেয়াই আন্তঃগাঁথনি, কিন্তু কোনো বাধা নাথাকিব । এয়া এটা নিৰ্দিষ্ট নীতি ।

লগতে পঢ়ক:দেশত বৃদ্ধি দুচকীয়া বাহনৰ চাহিদা; এমাহতেই বিক্ৰী হৈছে 19 লাখতকৈ অধিক বাহন - 5 best selling two wheeler brands

প্ৰিমিয়াম বাইক ক্ৰয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে দেশৰ যুৱক-যুৱতীৰ - Two wheeler sales in 2024

ABOUT THE AUTHOR

...view details