অসম

assam

ETV Bharat / technology

মানুহৰ দৰে সকলো অনুভূতিৰে সৈতে ভাৰততে উদ্ভাৱন প্ৰথমটো AI ৰবট - india invented the first ai robot - INDIA INVENTED THE FIRST AI ROBOT

Robot with Human Feelings : তামিলনাডুৰ কইম্বাটুৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এক আশ্চৰ্যকৰ কাম কৰিছে । শিক্ষাৰ্থীসকলে এটা কৃত্ৰিম ৰবট (AI) উদ্ভাৱন কৰিছে যি 26 প্ৰকাৰৰ মানৱ অভিব্যক্তি যেনে সুখ, খং আৰু প্ৰেম প্ৰকাশ কৰিব পাৰে ।

coimbatore india invented the first ai robot it will have all the feelings like humans
ভাৰততে উদ্ভাৱন প্ৰথমটো AI ৰবট (ETV Bharat)

By ETV Bharat Tech Team

Published : Jul 15, 2024, 2:09 PM IST

তামিলনাডুৰ কইম্বাটুৰত অৱস্থিত কে পি আৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে মানৱ সদৃশ ক্ষমতাসম্পন্ন কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰবট প্ৰস্তুত কৰিছে । মানুহৰ দৰে এই ৰবটটোৰ উচ্চতা ৬ ফুট আৰু ইয়াৰ ওজন ৪০ কিলোগ্ৰাম হ’ব পৰাকৈ ডিজাইন কৰা হৈছে ।

তথ্য অনুসৰি ইয়াক থ্ৰীডি প্ৰিন্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । এই অনন্য ৰবটে মানুহৰ দৰে ২৬টা ভিন্ন ধৰণৰ অনুভূতি প্ৰকাশ কৰিব পাৰে । ইয়াক এনেদৰেই ডিজাইন কৰা হৈছে । ইয়াৰ উপৰিও ইয়াক কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ সহায়ত মানুহৰ সৈতে মত বিনিময় কৰিব পৰাকৈ ডিজাইন কৰা হৈছে ।

প্ৰথমটো AI ৰবট (ETV Bharat)

কে পি আৰ ইনষ্টিটিউটৰ অধ্যক্ষ ড৹ সৰৱননে কয় যে মানুহৰ লগত সহজে যোগাযোগ কৰিব পৰাকৈ আৰু তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ এই ‘ইনমুভ’ ৰবট নিৰ্মাণ কৰা হৈছে । ভৱিষ্যতৰ কথা মনত ৰাখি ইয়াক বিকশিত কৰা হৈছে ।

তেওঁ লগতে আৰু কয় যে এই ৰবটৰ অংশসমূহ থ্ৰীডি ডিজাইনৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে । চকুৰ পতা আৰু ইয়াৰ কাৰ্যৰ বাবে বিভিন্ন ধৰণৰ মটৰ ব্যৱহাৰ কৰা হৈছে । তেওঁ উল্লেখ কৰে, ‘‘যদি আপুনি ৰবটটোক যিকোনো বস্তু দিয়ে, তেন্তে ই কি বুলি সুধিব আৰু ৰবটে সেই বস্তুটোৰ বিষয়ে সম্পূৰ্ণ তথ্য দিব ।’’

এই ৰবটটো সকলো বিভাগৰ অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীয়ে ডিজাইন কৰি কলেজ চৌহদত স্থাপন কৰিছে ৷ যাতে আন ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰে । ইয়াৰ লগতে তেওঁ আৰু জানিবলৈ দিয়ে যে কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে ৰবটৰ লগতে তীব্ৰবেগী ড্ৰ’ণ আৰু ভূমি আৰু পানীত ব্যৱহাৰ কৰিব পৰা বাহন উদ্ভাৱন কৰিছে ।

কে পি আৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ ছাত্ৰ ধনুশ কুমাৰে কয় যে এই ৰবটটোৰ কাম বিগত ডেৰ বছৰ ধৰি চলি আছিল । প্ৰায় ১৫ জনীয়া এটা দলে এই ৰবটটো নিৰ্মাণ কৰি উলিয়াইছে । ছাত্ৰ ধনুশৰ দাবী যে ইনমুভ ভাৰতৰ প্ৰথমটো কাৰ্যক্ষম ৰবট । ইয়াক ডিজাইন কৰা দলটোৱে জানিবলৈ দিয়ে যে মানুহ সদৃশ ক্ৰিয়া কৰা এই ৰবটটো চিকিৎসালয়, কলেজ, শ্বপিং মলৰ দৰে ঠাইত সহায় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

কে পি আৰ ইনষ্টিটিউটৰ অধ্যক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলে কয় যে ভৱিষ্যতে ইয়াক উন্নত কৰাৰ সংকল্প লোৱা হৈছে । ইয়াৰ উপৰিও ইয়াক এনেদৰে ডিজাইন কৰা হ’ব যে ৰবটটোৱে মানুহৰ আদেশ অনুসৰি কাম কৰিব, ঘৰত অকলে বসবাস কৰা বৃদ্ধসকলে ইয়াৰ সৈতে কথা পাতিব পাৰিব আৰু শিশুৱে ইয়াৰ সৈতে খেলিবও পাৰিব । এই ক্ষেত্ৰত কামো চলি আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :সঁচাকৈয়ে ৰবটে আত্মহত্যা কৰিব পাৰেনে ? - robot suicide in south korea

ABOUT THE AUTHOR

...view details