হায়দৰাবাদ: এক শোকাৱহ ঘটনা সংঘটিত হয় চলিত বৰ্ষৰ 9 ডিচেম্বৰ, সোমবাৰে ৷ বেংগালুৰুৰ মঞ্জুনাথ লেআউটত থকা নিজৰ বাসগৃহত উত্তৰ প্ৰদেশৰ এজন 34 বছৰীয়া ঔদ্যোগিক ক্ষেত্ৰত কৰ্মৰত যুৱকে আত্মহত্যা কৰে ৷ ইয়াৰ বাবে যুৱকজনে তেওঁৰ পত্নী, পৰিয়ালৰ সদস্য আৰু এজন ন্যায়াধীশৰ বিৰুদ্ধে ' আত্মহত্যাৰ বাবে স্পষ্ট প্ৰৰোচনা, হাৰাশাস্তি, ধন দাবী আৰু... দুৰ্নীতি’ আদিক জগৰীয়া কৰে ।
এদিন পিছতে বেংগালুৰু আৰক্ষীয়ে মৃত অতুল সুভাষৰ পত্নী আৰু তেওঁৰ পৰিয়ালক আত্মহত্যাৰ বাবে সহায় কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা বুলি কয় । ভাৰতীয় ন্যায় সংহিতাৰ 108 3(5) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে ।
বিষয়াগৰাকীয়ে কয়, "মৃতকৰ ভাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আমি তেওঁৰ পত্নী, মাতৃ, ভাতৃ আৰু খুড়াকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো, যিসকলে দাখিল কৰা আইনী বিবাদ নিষ্পত্তিৰ বাবে 3 কোটি টকা দাবী কৰিছিল বুলি অভিযোগ উঠিছে ।"
সবিশেষ দি বিষয়াগৰাকীয়ে কয় যে সোমবাৰে পুৱা 6 বজাত হয়ছালা আৰক্ষী নিয়ন্ত্ৰণ কক্ষত আত্মহত্যাৰ সন্দৰ্ভত ফোন আহিছিল । আৰক্ষীৰ বিবৃতি অনুসৰি বেংগালুৰুত বাস কৰা ভুক্তভোগী যুৱকজন উত্তৰ প্ৰদেশৰ বাসিন্দা ।
আৰক্ষীয়ে তৎক্ষণাত সুভাষৰ ভাতৃ বিকাশ কুমাৰক মাতি আনি এই বিষয়ে অৱগত কৰে । পিছত কুমাৰে সুভাষৰ পত্নী, শাহুৱেক, ভায়েক আৰু পত্নীৰ খুড়াকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সুভাষৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপন কৰি নিষ্পত্তিৰ বাবে 3 কোটি টকা দাবী কৰে ।
অভিযোগত কুমাৰে কয়, "কথিত ভুৱা অভিযোগ আৰু তাৰ পিছৰ পৰিঘটনাসমূহৰ লগতে বিপুল ধনৰ দাবীকে ধৰি সুভাষৰ মানসিক আৰু শাৰীৰিক অৱনতি ঘটিছিল, অৱশেষত তেওঁক এই কঠোৰ পদক্ষেপ ল’বলৈ হেঁচা প্ৰযোগ কৰা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ জৌনপুৰৰ এজন প্ৰিন্সিপাল ফেমিলি কোৰ্টৰ ন্যায়াধীশৰ বিৰুদ্ধেও সুভাষে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন তুলিছিল ।
আশ্চৰ্যজনকভাৱে সুভাষেও এক্সত তেওঁৰ ভিডিঅ’ৰ এটা লিংক শ্বেয়াৰ কৰি ইয়াৰ চিইঅ’ ইলন মাস্ক আৰু আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক টেগ কৰে ।
ডিচিপিৰ বিবৃতি
হোয়াইটফিল্ড ডিভিজনৰ ডেপুটি কমিছনাৰ অৱ পুলিচ শিৱকুমাৰ গুনাৰে জনোৱা মতে, 2019 চনত নিকিতা সিংহানিয়াৰ সৈতে সুভাষৰ বিবাহ হৈছিল আৰু তেওঁৰ এজন চাৰি বছৰীয়া পুত্ৰ আছে । ডিচিপিয়ে কয়, "সিংহানিয়াই পৰিয়ালৰ সহায়ত সুভাষৰ বিৰুদ্ধে ভুৱা এজাহাৰ দাখিল কৰা বুলি অভিযোগ উত্থাপন হৈছে । অভিযুক্তই সুভাষক পুত্ৰক লগ কৰিবলৈও নিদিয়ে আৰু তাৰ পৰিৱৰ্তে 30 লাখ টকা দাবী কৰিছিল । আদালতৰ কাম-কাজ চলি থকাৰ সময়ত সিংহানিয়া আৰু তেওঁৰ পৰিয়ালে সুভাষক ভাবুকি দিছিল যে 3 কোটি টকা দিব লাগিব যিটো নিদিলে তেওঁৰ মৃত্যুও ঘটিব পাৰে ।
পিতৃৰ বক্তব্য