নিউজ ডেস্ক, 5 অক্টোবৰ:আইফোন নিৰ্মাতা কোম্পানী Apple এ শুকুৰবাৰে কয় যে তেওঁলোকে ভাৰতত আৰু চাৰিখনকৈ ষ্ট’ৰ মুকলি কৰিব ৷ এইবোৰ পুনে, বেংগালুৰু, দিল্লী-এনচিআৰ আৰু মুম্বাইত মুকলি কৰা হ’ব । কোম্পানীটোৱে জনোৱা মতে, এই মাহত প্ৰথমবাৰৰ বাবে “মেড ইন ইণ্ডিয়া” আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্স ছিৰিজৰ ডিভাইচো মুকলি কৰিব ।
Apple ৰ খুচুৰা বিক্ৰীৰ জ্যেষ্ঠ উপ-অধ্যক্ষ ডেইৰড্ৰে অ’ব্ৰাইনে এক বিবৃতিযোগে কয়,"আমি ভাৰতত অধিক ষ্ট'ৰ খোলাৰ পৰিকল্পনা কৰাৰ লগে লগে আমাৰ গোটসমূহ গঢ়ি তুলিবলৈ পাই ৰোমাঞ্চিত হৈছো ৷"
2023 চনৰ এপ্ৰিল মাহত Apple এ ভাৰতত দুখনকৈ ষ্ট’ৰ খুলিছিল, এখন দিল্লীত আৰু আনখন মুম্বাইত । বিবৃতিটোত কোৱা হৈছে যে ভৱিষ্যতে এপল ৰিটেইল ষ্ট’ৰ বেংগালুৰু, পুনে, দিল্লী-এনচিআৰ আৰু মুম্বাইত স্থাপনৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ বিষয়ে অৱগত লোকসকলৰ মতে অহা বছৰ ষ্ট’ৰসমূহ মুকলি হোৱাৰ সম্ভাৱনা আছে ।