ৰঙিয়া:ৰঙিয়াত চতুৰ্থ দিনাও অব্যাহত উত্তপ্ত পৰিস্থিতি । ৰঙিয়া আৰক্ষী থানা ঘেৰাও সহস্ৰাধিক লোকৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন । অভিযুক্তসকল বিজেপি নেতা হোৱা বাবে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত প্ৰতিবাদকাৰীয়ে উত্তাল কৰে ৰঙিয়া আৰক্ষী থানা ।
আৰক্ষীয়ে চাৰিদিনৰ পিছতো সন্ধান উলিয়াব পৰা নাই ধৰ্মেন্দ্র নাথৰ । শনিবাৰেও দুপৰীয়া ধৰ্মেন্দ্ৰৰ ঘৰৰ পৰা ৰঙিয়া আৰক্ষী থানালৈ এক প্ৰতিবাদী সমদল উলিয়াই পথ অৱৰোধ কৰে প্ৰতিবাদী সহস্ৰাধিক পুৰুষ-মহিলাই । ৰাইজৰ আৰক্ষীৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভে ক্ৰমাৎ জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰঙিয়া আৰক্ষী থানাত ।
ৰঙিয়াত অব্যাহত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam) বিজেপিৰ বিৰুদ্ধে ক্ষোভ :
স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজ । ঘটনাৰ বিৱৰণি অনুসৰি, যোৱা বুধবাৰে বনভোজৰ কাজিয়াই লৈছিল চৰম পৰ্যায় । বনভোজস্থলীত দুই দলৰ কাজিয়া হৈছিল । সাধাৰণ কথাতে বিজেপিৰ নেতা অংশুমন কলিতা, হিমাংশু কাকতিসহ ১২জন যুৱকে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ এজন ২১ বছৰীয়া যুৱকক । ইমানতে ক্ষান্ত নাথাকি ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ (২১)ক পুখুৰীত দলিয়াই দিয়াৰ অভিযোগ আত্মীয়ৰ ।
বুধবাৰৰ পৰা কোনো সন্ধান নাই ধৰ্মেন্দ্ৰ নাথৰ । এই ঘটনাত আন এজন যুৱকো গুৰুতৰভাৱে আহত হৈছে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে বুধবাৰে নিশা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হৈছিল । কিন্তু আৰক্ষীয়ে বিজেপিৰ নেতা হোৱাৰ বাবে এজাহাৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে ক্ষুব্ধ ৰাইজে । বৃহস্পতিবাৰৰ পৰা উত্তেজিত জনতাই ৰঙিয়া আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ পিছত ঘটনাত জড়িত ৰঙিয়াৰ মুৰাৰাৰ নিবাসী তথা বিজেপি নেতা হিমাংশু কাকতি,অমূল্য কাকতি,মণি কাকতিৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰে ৰাইজে ।
আঁৰৰ ঘটনাটো কি ?
উল্লেখ্য় যে যোৱা বুধবাৰে ৰঙিয়াৰ খৈৰাবাড়ীৰ মালধাপাৰাৰ আশ্ৰমত বনভোজ খাবলৈ গৈছিল দুটা দলে । বনভোজ শেষ হোৱাৰ পিছত এগৰাকী বিজেপি নেতাৰ বাহনত বাইকেৰে খুন্দা মাৰিছিল নিৰুদ্দিষ্ট ধৰ্মেন্দ্ৰ নাথে । ইয়াৰ পিছতে খঙত অগ্নিশৰ্মা হৈ ধৰ্মেন্দ্ৰ নাথক প্ৰহাৰ কৰে আনটো দলৰ বিজেপি নেতাসহ ১২ গৰাকী যুৱকে । আনকি কাজিয়া ভাঙিবলৈ যোৱা যুৱকজনকো প্ৰহাৰ কৰে । যুৱকজনে কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
ইয়াৰ পিছতে বিজেপি নেতা হিমাংশু কাকতি,অমূল্য কাকতি আৰু মণি কাকতিয়ে ধৰ্মেন্দ্ৰ নাথক পুখুৰীত দলিয়াই দিয়াৰো অভিযোগ কৰে প্ৰতিবাদী জনতাই । ৰাইজে অভিযোগ কৰি কয় যে ৰঙিয়া আৰক্ষীয়ে যদি নিশাৰ ভাগত গুৰুত্ব দিলেহেতেন তেন্তে কোনো অঘটন নহ'লহেতেন ।
অতি শীঘ্ৰে নিৰুদ্দিষ্ট যুৱকজনক উদ্ধাৰ কৰিবলৈ ৰাইজে আৰক্ষীক সময়সীমা বান্ধি দিয়ে । লগতে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰিবলৈ দাবী জনায় । অন্যথা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।