তেজপুৰ, ১৬ জুন : ২১ জুনত তেজপুৰত ৰাজ্যিক পৰ্যায়ৰ দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৪ ৰ উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত ৭ দিনীয়া ক্ষণগণনা কাৰ্যসূচীৰ দেওবাৰে তৃতীয় দিনটোত তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত যোগাসন কাৰ্যসূচী অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত এই যোগাসন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ৫০ গৰাকী কাৰাবন্দীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত আচৰণ নিয়ন্ত্ৰণ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।
তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ (ETV BHARAT ASSAM) পুৱা ৭ বজাত বন্তি প্ৰজ্বলনৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ সঞ্চালক ড৹ ইন্দ্ৰানোশী দাস, অতিৰিক্ত জিলা আয়ুক্ত ৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰাগাৰ তেজপুৰৰ অধীক্ষক (ভাৰপ্ৰাপ্ত) প্ৰতিভা মেশ্ৰম আৰু তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মাধুৰ্য বুঢ়াগোঁহায়ে ।
গুৱাহাটীৰ আৰ্ট অৱ লিভিং ফাউণ্ডেছনৰ আশ্ৰম প্ৰশাসক তথা যোগ প্ৰশিক্ষক ব্ৰহ্মচাৰী মাধৱনন্দ আৰু তেওঁৰ দলৰ নেতৃত্বত যোগ কাৰ্যসূচী অনুষ্ঠিত হয় । যোগ কাৰ্যসূচীৰ শেষত সমাৱেশক সম্বোধন কৰি জিলা আয়ুক্তই সুস্থ মন আৰু শৰীৰৰ লাভৰ বাবে যোগৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰে ।
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ নয়ামা আহমেদে দেওবাৰৰ যোগাসন অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে । ইয়াৰ লগতে জিলা প্ৰশাসনে কেন্দ্ৰীয় কাৰাগাৰত ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠানৰো আয়োজন কৰে য’ত জিলা আয়ুক্তগৰাকীয়ে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ সৈতে কাৰাগাৰ কৰ্তৃপক্ষক বেডমিণ্টন খেলৰ সামগ্ৰী প্ৰদান কৰে । এই অনুষ্ঠানটোত জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে জিলা ক্ৰীড়া কাৰ্যালয়ৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক:তেজপুৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিতব্য় দশম আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰস্তুতি - International Day of Yoga 2024