বকলীয়াঘাট, 22 জানুৱাৰী :মাত্ৰ এটা দিন পূৰ্বে সমাপ্ত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ উৎসৱৰ আনন্দ মাৰ নৌযাওঁতেই কাৰ্বি আংলঙৰ সাধাৰণ জনতাৰ বিৰাজ কৰি থকা উৎসৱমুখৰ পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰি দেওবাৰে জিলাখনৰ সংস্কৃতিপ্ৰেমী ৰাইজ সাক্ষী হ’ল আন এক বিৰল অভিলেখৰ। উল্লেখ্য যে, কাৰ্বিসকলৰ পৰম্পৰাগত তথা অন্যতম জনপ্ৰিয় থলুৱা ক্ৰীড়া কেংডংদাং কেদাম (পেং দৌৰ)ৰ জৰিয়তে গীনিজ বুকৰ বিশ্ব অভিলেখ সৃষ্টি কৰে ৷
কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তথা কাৰ্বি সাংস্কৃতিক সমাজৰ সহযোগত আজি জিলাখনৰ বকলীয়াঘাটত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত এই অভিলেখ সৃষ্টি কৰা হয়।
কেংডংদাং কেদাম অৰ্থাৎ পেং দৌৰ দুডাল বাঁহৰ ওপৰত থকা খোপনিত ভৰি থৈ খোজ কঢ়া বা দৌৰাৰ এক বিশেষ ক্ৰীড়া । কাৰ্বি জনগোষ্ঠীয় জীৱনত বিশেষভাৱে জনপ্ৰিয় এই বিশেষ খেলবিধক লৈ বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে বকলীয়াঘাটৰ চাৰিলেন যুক্ত পথৰ ওপৰত এক বিশেষ আয়োজন কৰা হয় । সেই অনুসৰি দেওবাৰে বিয়লি প্ৰায় 2 বজাত 721 গৰাকী কাৰ্বি যুৱকে এই ক্ৰীড়াত একেলগে অংশগ্ৰহণ কৰি বিশ্ব অভিলেখৰ সৃষ্টি কৰে ।