ডিফু, 9 আগষ্ট :অসম লেখিকা সমাজে দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে ডিফু ক্লাবত মাটি-মানুহ-সমন্বয় দিৱস হিচাপে 'আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস' উদযাপন কৰে ৷ পুৱা বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণেৰে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী ৷ ইয়াৰ পিছতে জয়শ্ৰী শইকীয়াই উদ্বোধন কৰা কবি সন্মিলন সম্পন্ন হয় ৷ দুপৰীয়া লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ সভাপতি গগৈয়ে অসম লেখিকা সমাজে কিদৰে মহিলা সকলৰ বাবে কাম কৰি আহিছে, লেখিকা সমাজে কৰি অহা কামৰ চমু খতিয়ান মুকলি সভাত দাঙি ধৰে ৷
এই মুকলি সভাতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক মুক্তি যুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি মহীয়ান বঁটা প্ৰদান কৰে লেখিকা সমাজে ৷ বঁটা গ্ৰহণ কৰি বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে আজিৰ দিনটোত এগৰাকী মুক্তি যুঁজাৰুৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি তেখেতে গৌৰৱ অনুভৱ কৰা বুলি কয় ৷ এই সভাতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে লেখিকা জয়শ্ৰী শইকীয়াৰ “নক্ষত্ৰ” নামৰ গ্ৰন্থখন উন্মোচন কৰে ৷ লগতে কাৰ্বি আংলং জিলা লেখিকা সমাজৰ “প্ৰয়াস” নামৰ স্মৰণিকাখন উন্মোচন কৰে কাৰ্বি সংস্কৃতিৰ সাধক লুনচে তিমুঙে ৷