অসম

assam

ETV Bharat / state

কাজিৰঙাত বিশ্ব ঐতিহ্য দিৱস উদযাপন - World Heritage Day 2024 - WORLD HERITAGE DAY 2024

World Heritage Day: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্ব ঐতিহ্য দিৱস উদযাপন ৷ বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আজি বন বিভাগৰ উদ্যোগত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰোৱা হয় ৷

World Heritage Day celebrated in Kaziranga
কাজিৰঙাত বিশ্ব ঐতিহ্য দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:24 AM IST

কাজিৰঙাত বিশ্ব ঐতিহ্য দিৱস উদযাপন

কাজিৰঙা,১৮ এপ্ৰিল:সমগ্ৰ বিশ্বৰ লগতে বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰা হয় ৷ বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বন বিভাগৰ উদ্যোগত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰোৱা হয় ৷ চাৰিখন জীপচিৰে ছাত্ৰ-ছাত্ৰীয়ে অগৰাতলী বনাঞ্চল দৰ্শন কৰে ৷

বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক তথা বন কৰ্মচাৰী গীতাঞ্জলি কলিতা, পৰিৱেশকৰ্মী উত্তম শইকীয়া আৰু ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নমিতা বৰাৰ নেতৃত্বত যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোক চহলা বিলৰ পাৰত থকা দৰ্শন চূড়া আৰু ৰঙামটীয়া বনশিৱিৰত ক্ষেত্ৰভিত্তিক পাঠদান প্ৰদান কৰা হয় ৷ বিশ্ব ঐতিহ্য দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ দলটোক কাজিৰঙাৰ জৈৱ বৈচিত্ৰ আৰু সংৰক্ষণৰ উপৰিও বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয় ৷

এই ভ্ৰমণকালত ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীসকলৰ জীৱন, দায়িত্ব পালন আৰু বনশিৱিৰৰ সমূহ ব্যৱস্থাৰো বুজ লয় ৷ অগৰাতলী বনাঞ্চলৰ ৰঙামতীয়া বনশিৱিৰত তেওঁলোকে বনকৰ্মীসকলৰ সৈতে মতবিনিময় কৰে ৷ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিচত অগৰাতলী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰংগনত ঐতিহ্য দিৱসৰ বিশেষ কাৰ্যসুচী অনুষ্ঠিত হয় ৷

অনুষ্ঠানত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ আৰু বনাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ গুৰুত্ব, জৈৱ বৈচিত্ৰতা আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱতন্ত্ৰ সংৰক্ষণ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷ কাজিৰঙাৰ কাষৰীয় গাঁৱৰ বাসিন্দা হৈয়ো প্ৰথমবাৰৰ বাবে কাজিৰঙা দৰ্শন কৰি উৎফুল্লিত হৈ পৰা ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা প্ৰদান কৰি দিয়াৰ বাবে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:জোনাইত দেউৰীসকলৰ বোকা বিহু উদযাপন - Deori Boka Bihu

ABOUT THE AUTHOR

...view details