অসম

assam

ETV Bharat / state

নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত বিহুক উপস্থাপনৰ প্ৰয়াস: গোলাঘাটত প্ৰশিক্ষণ - Rongali Bihu

Rongali Bihu: সঠিক আৰু শুদ্ধ ৰূপত বিহুটি নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰাৰ প্ৰয়াসেৰে গোলাঘাটত ‘বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা’ ৷ প্ৰশিক্ষণ প্ৰদান কৰিব ৰঞ্জিত গগৈ, মহেন্দ্ৰ চুতীয়া ওজা আৰু লতাশিলৰ বিহু সম্ৰাজ্ঞী নীলাক্ষী বৰগোহাঁয়ে ।

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 8:18 PM IST

BIHU WORKSHOP IN GOLAGHAT
গোলাঘাটত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা

গোলাঘাটত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা

গোলাঘাট, 29 মাৰ্চ:‘‘বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমীৰ মান ৷’’ বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণৰো আপোন হেঁপাহৰ ৰঙালী বিহু ৷ বিহুৰ স্বকীয়তা আৰু মৰ্যাদা অক্ষুন্ন ৰাখে বিহুনাচ, হুচৰি আদিয়ে । কিন্তু কালক্ৰমত বিহুৰ সেই স্বকীয়তাক যেন স্পৰ্শ কৰিছে আধুনিকতাই ।

সঠিক আৰু শুদ্ধ ৰূপত বিহুটি নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰাৰ মানসেৰে বৃহস্পতিবাৰৰ পৰা ৭ এপ্ৰিললৈকে গোলাঘাটত আয়োজিত হৈছে ‘বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা ৷' গোলাঘাটৰ ৰাজহুৱা সমন্বয় ক্ষেত্ৰত অসম ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই কৰ্মশালা আয়োজিত হৈছে ৷

সহস্ৰাধিক অংশগ্ৰহণকাৰীয়ে প্ৰ-পত্ৰ পূৰণ কৰা কৰ্মশালাখনত বৃহস্পতিবাৰে প্ৰায় ৮০০ প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷ উক্ত বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব অসমৰ শ্ৰেষ্ঠ ঢুলীয়া, ওজা, বিহু সাধক ৰঞ্জিত গগৈ, মঘাই ওজা বঁটাপ্ৰাপক মহেন্দ্ৰ চুতীয়া ওজা আৰু লতাশিল বিহু সম্ৰাজ্ঞী নীলাক্ষী বৰগোহাঁয়ে ।

বৃহস্পতিবাৰে গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী তথা সদৌ অসম মটৰ পৰিবহন সন্থাৰ উপ-সভাপতি পূৰ্ণ ৰাজখোৱাই উদ্বোধন কৰা অনুষ্ঠানটোত উপস্থিত থাকে অসম গণ পৰিষদৰ জিলা সভাপতি ড৹ নৃপেন বৰুৱা, সাধাৰণ সম্পাদক আছিকুৰ ৰহমান, কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন ৷

তেওঁলোকৰ উপৰিও অসম যুৱ পৰিষদৰ উপ-সভাপতি মনচুম বৰা, সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ, অধিবক্তা মৌচম শইকীয়া প্ৰমুখ্যে গণ পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয়, জিলা তথা বিভিন্ন শাখা সমিতিৰ সমূহ বিষয়ববীয়া তথা ৰাজনীতি, দল-মত নিৰ্বিশেষে গোলাঘাটৰ সমাজ জীৱনৰ সৈতে জড়িত বহু ব্যক্তি আৰু গোলাঘাটীয়া ৰাইজে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ।

অহা ৭ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানৰ লগতে উক্ত দিনসমূহত ৰাইজৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ কামনা কৰিছে উদ্যোক্তামণ্ডলীয়ে ৷

লগতে পঢ়ক:ঢকুৱাখনাত ঐতিহাসিক ফাটবিহুৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details