অসম

assam

ETV Bharat / state

আকৌ কলং ব'ব, শেষ হোৱাৰ পথত উজ্জীৱিত কলং প্ৰকল্পৰ কাম - Rejuvenation Of Kalang River - REJUVENATION OF KALANG RIVER

Keshab Mahanta On Kalang River: এই বাৰিষাত কলং বোঁৱতী নদী হ'ব । ১৩৫ কোটি টকাৰ আঁচনিত আৱণ্টিত ধনেৰে উজ্জীৱিত কলং প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত । বোঁৱতী কলঙৰ সপোন বাস্তবায়িত হোৱাৰ সন্ধিক্ষণত উৎফুল্লিত কলিয়াবৰীয়া ৰাইজ ।

Work on the Rejuvenation Of Kalang River project is on the verge of completion
উজ্জীৱিত কলং প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:39 PM IST

কলিয়াবৰ, ২৬ মে':কলিয়াবৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত । কলঙৰ বুকুৱেদি লুইতৰ পানী ব'ব । এই সন্দৰ্ভত এসময়ৰ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বোঁৱতী কলঙৰ সম্ভাৱনীয়তাৰ বিষয়ে মত প্ৰকাশ কৰিছে । জলসম্পদ বিভাগৰ মন্ত্ৰী হৈ থকাৰ দিনতে কলঙক বোৱাই নিয়াৰ বা শ্লুইছ গে'ট নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । এতিয়া এই কাম প্ৰায় সমাপ্তিৰ পথত ।

উজ্জীৱিত কলং প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত (ETV Bharat Assam)

বৰ্তমানৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কয়, "কলঙৰ সন্মুখৰ কাম প্ৰায়খিনিয়েই হৈছে । ব্ৰহ্মপুত্ৰৰ লগত শ্লুইছ গে'টলৈকে নলা খান্দি কলঙক সংযোগ কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । শ্লুইছ গেটৰ কামো সম্পূৰ্ণ হৈছে । এতিয়া কলং সুঁতিৰ খননৰ কাম চলি আছে । যিহেতু ড্ৰেজাৰেৰে খান্দিছে খৰতকীয়াকৈ হ'ব । গতিকে, এই বাৰিষাত কলং বোঁৱতী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।"

আনহাতে, বোঁৱতী কলঙৰ সপোন বাস্তবায়িত হোৱাৰ সন্ধিক্ষণত কলিয়াবৰীয়া ৰাইজো উৎফুল্লিত হৈ পৰিছে । উল্লেখ্য যে, ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰাসুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ । ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল ।

পিচৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় । সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল । সেয়ে ১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল । সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নীৰৱ চেষ্টা চলাই আহিছে ।

লগতে পঢ়ক:কলং উজ্জীৱিতকৰণ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত: পীযুষ হাজৰীকা

কলঙক লৈ আজিও নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী-বিষয়া

ABOUT THE AUTHOR

...view details