মৰাণ, ২ ছেপ্টেম্বৰ :ডিব্ৰুগড়ৰ বগীবিলত ৰহস্যজনক ঘটনা । দেওবাৰৰ পৰা সন্ধানহীন দুই পুত্ৰসহ এগৰাকী মহিলা । হাহাকাৰ লাগিছে সেনা বাহিনীত কৰ্মৰত স্বামীৰ । ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ সন্দেহ কৰিছে আৰক্ষী তথা স্থানীয় লোকে । বগীবিল দলঙৰ সমীপত নৈৰ পাৰত উদ্ধাৰ হৈছে মহিলা আৰু দুই সন্তানৰ চেণ্ডেল আৰু বেগ ।
- ঘটনাটো কি ?
মহিলাগৰাকী মহাৰাষ্ট্ৰৰ । স্বামী সেনা বাহিনীত কৰ্মৰত । যোৱা এপ্ৰিল মাহৰ পৰা তেওঁলোকে লিকাবালিত আছিল । দেওবাৰে হঠাৎ মহিলাগৰাকী আৰু দুই সন্তান সন্ধানহীন হৈ পৰা সেনা জোৱানগৰাকীৰ হাহাকাৰ লাগিল । পিচত পত্নীৰ মোবাইলক হোৱাটছ এপ ষ্টেটাছ দেখি আচৰিত হৈ পৰে । তাত মহিলাগৰাকীয়ে দুই সন্তানৰ ফটো আৰু বগীবিল দলঙৰ সমীপৰ এটা ভিডিঅ' ষ্টেটাছত লগাইছিল । তেতিয়াই স্বামীয়ে অনুমান কৰি দলঙৰ সমীপৰ উক্ত স্থানত উপস্থিত হয় ।
জানিব পৰা মতে, ভাৰতীয় সেনাৰ হৈ লেকাবালিত কৰ্মৰত নাগনাথ উদগেৰে নামৰ জোৱানজনৰ পত্নীৰ নাম পুনম উদগেৰে, সৰু পুত্ৰৰ নাম আৰাঔ উদগেৰে আৰু ডাঙৰ পুত্ৰৰ নাম অৰ্ণৱ উদগেৰে ৷ আৰাঔ প্ৰথম আৰু অৰ্ণৱ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ৷
- ঘটনাৰ পূৰ্বে আবেগিক হোৱাটছ এপ ষ্টেটাছ
স্বামীয়ে এই সন্দৰ্ভত কয়, "চলিত বছৰৰ এপ্ৰিলৰ পৰা আমি লিকাবালিত আছো । আজি আবেলি লিকাবালিৰ পৰা সন্তানক লৈ পত্নী ওলাই আহিছিল। পত্নীয়ে মোক কোনো কথাই জনোৱা নাছিল । তেতিয়াৰে পৰা তেওঁৰ কোনো সন্ধানহীন নাই । মই কেইবাবাৰো ফোন কৰিছিলো যদিও কোনো উত্তৰ দিয়া নাছিল । হোৱাটছ এপৰ ষ্টেটাছটো ল'ৰা দুটাৰ ফটো আৰু এই স্থানৰ এটা ভিডিঅ' দিছিল । ষ্টেটাছটোত ‘‘Sorry Batcho’’ বুলি লিখিছিল ।"
- নৈৰ পাৰত উদ্ধাৰ চেণ্ডেল, ম’বাইল আৰু বেগ