গুৱাহাটী, ২৬ মে':গুৱাহাটীৰ পাথৰকুঁৱেৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । স্বামীৰ আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত আত্মহনন পথ বাচি ল'লে মেগজিন এলেকাৰ এগৰাকী মহিলাই । নিজ গৃহৰ কোঠাত চীপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
জানিব পৰা মতে, মেগজিনৰ কনকলতা পথৰ বাসিন্দা নবীন ডেকাই মেগজিনৰ ৰাজপথত এখন গেলামাল দোকান দি ১৩ বছৰীয়া কন্যা সন্তান আৰু পত্নীৰ সৈতে তিনিজনীয়া পৰিয়ালটো পোহপাল দি আহিছিল ।
আনহাতে, নবীন ডেকাৰ দোকানখনৰ কাষতে আছিল আন এগৰাকী মহিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠান । ব্যৱসায়িক সূত্ৰে নবীন ডেকাই মহিলাগৰাকীৰে সৈতে চিনাকী হৈ পৰৱৰ্তী সময়ত দুয়োৰে মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল ।
স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি এটা সময়ত ব্যবসায়ী নবীন ডেকাই মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে । এই কথা জানিব পাৰি স্বামীৰ সৈতে পত্নীৰ প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।
জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত স্বামী নবীন ডেকাই প্ৰতিদিনৰ দৰে নিজৰ দোকানখন খুলিবলৈ আহে । কিন্তু দিনৰ প্ৰায় ১১ মান বজাত পত্নীয়ে দোকানলৈ আহি তেওঁলোকৰ দোকানখন বন্ধ অৱস্থাত দেখা পোৱাৰ লগতে একে সময়তে ওচৰৰ অভিয়ুক্ত মহিলাগৰাকীৰ দোকানখনো বন্ধ হৈ থকা দেখা পায় মনত সন্দেহ ওপজে ।
লগে লগে পত্নীয়ে স্বামী আৰু মহিলাগৰাকীক ফোন কৰাত দুয়োৰে ম'বাইল অফ পায় । স্বামী নবীন ডেকাই অবৈধ প্ৰেমিকাক পলুৱাই লৈ যোৱাৰ সন্দেহ কৰি লগে লগে ওচৰ-চুবুৰীয়াক অবগত কৰে । তাৰ পিছত তেওঁ নিজৰ ঘৰলৈ উভতি যায় ।