নলবাৰী, ৩১ আগষ্ট : নলবাৰীত এখন বিয়াৰ বাবে উদুলি-মুদুলি পৰিৱেশ । এয়া হোৱাটোও স্বাভাৱিক । কাৰণ এইখন এখন সাধাৰণ বিয়া নহয় । এইখন হৈছে বিশেষ বিয়া- ৰজা-ৰাণীৰ বিয়া । সেয়ে কোনো ধৰণৰ ৰীতি-নীতি বা পৰম্পৰা পালনৰ পৰা বাদ পৰি ৰোৱা নাই । মুঠতে ৰাইজৰ মাজত ৰজা-ৰাণীৰ বিয়াক লৈ পাৰভঙা উছাহ ।
নলবাৰীত এখন বিশেষ বিয়াই কাঢ়িছে সকলোৰে দৃষ্টি (ETV Bharat Assam) জোৰোণ, পানী তোলা, দৰাক গা ধুওৱা পৰ্ব- সকলো ৰীতি-নীতি পালন কৰিবলৈ কোনেও কাৰ্পণ্য কৰা নাই ৷ আয়তীসকলে নাম জুৰিছে, পুৰোহিতে বৈদিক মন্ত্ৰোচ্চাৰণেৰে মাংগলিক কাৰ্য সম্পন্ন কৰিছে ৷ অৱশ্যে ৰাজকীয়ভাৱে নহয়, ট্ৰেক্টৰত উঠি দৰা ৰজা উপস্থিত হৈছে কইনা ৰাণীৰ ঘৰত ৷
বিয়াত সমবেত হৈছে প্ৰায় চাৰি শতাধিক লোক । কোনো ত্ৰুটি নৰখাকৈ দৰাঘৰীয়াক আপ্যায়ণ কৰিছে কইনা ৰাণীৰ পৰিয়ালে । শেহত সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰে সুন্দৰকৈ সম্পন্ন হয় ৰজা আৰু ৰাণীৰ বিয়া ৷ পৰিয়াল আৰু উপস্থিত ৰাইজেও হিয়া উজাৰি আশীৰ্বাদ দিয়ে নৱ-পৰিণীত দম্পতীক ৷
এনেদৰেই ৰজা আৰু ৰাণীৰ বিয়াক লৈ এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ পিচে এই বিয়াখন কোন ৰজা আৰু ৰাণীৰ সেয়া বাৰু জানিবৰ মন যোৱা নাইনে ? ক’ত জাক-জমকতাৰে অনুষ্ঠিত হ’ল এইখন বিয়া ? সেয়াও চাগে জানিবৰ মন গৈছে ? ৰ’ব, পাতনি সামৰি আমি সকলো কথা বিৱৰি কৈ আছোঁ-
ভাদমীয়া পথাৰত এতিয়া চিৰাল ফাঁট । শালিধানৰ কৃষিভূমিত ফাঁট মেলাত চিন্তিত নলবাৰীৰ এখন গাঁও । বৰুণ দেৱতাৰ মুখলৈ চাই আছে গঞাই । কিন্তু নাই, ক'তো অলপো ক'লীয়া ডাৱৰৰ শুংসূত্ৰ নাই । যাৰ বাবে উপায়ন্তৰ হৈ পৰম্পৰাগত এক ৰীতি পালনৰ সিদ্ধান্ত লয় গঞাই ।
শুকুৰবাৰে নিশা নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ নতুন খেলোৱা গাঁৱত ৰাইজে এজাক বৰষুণৰ আশাৰে অনুষ্ঠিত কৰে ভেকুলীৰ বিয়া । চৰকাৰী চাকৰিয়াল নথকা কৃষিপ্ৰধান গাঁওখনত খৰাং বতৰে চিন্তিত কৰিছে নতুন খেলোৱাৰ খেতিয়কসকলক । যাৰ বাবে উপায়ন্তৰ হৈ বৰুণ দেৱতাক সন্তষ্ট কৰাৰ বাবে শুকুৰবাৰে নিশা অনুষ্ঠিত কৰে ভেকুলীৰ বিয়া ।
উল্লেখ্য যে শালিধানে ঠন ধৰি উঠাত ভাদ মাহৰ খৰাং পৰিস্থিতিয়ে পেটৰ ভাতমুঠি নোহোৱা কৰাৰ শংকাত ভোগাইছে গাঁওবাসীক । সেয়ে শুকুৰবাৰে নিশা এজাক বৰষুণৰ আশাত ৰজা আৰু ৰাণী নামৰ দুটা ভেকুলীৰ বিয়া অনুষ্ঠিত কৰে গাঁওবাসীয়ে । ৰজা হ'ল দৰা আৰু ৰাণী কইনা ।
দৰাৰ ঘৰ হৈছে নলবাৰীৰ নতুন খেলোৱাত আৰু কইনাৰ ঘৰ ওচৰৰে খেলোৱা পুখুৰীপাৰত । সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰে সম্পন্ন হয় নলবাৰীৰ খেলোৱাত ৰজা-ৰাণী নামৰ দুই ভেকুলীৰ বিয়াখন । নিশা দৰা ৰজাই ট্ৰেক্টৰত উঠি উপস্থিত হয় কইনা ঘৰত । আনহাতে, বিয়াত সমবেত হয় চাৰাবৰি, বৰবিলা, হেলচা গাঁৱৰ প্ৰায় চাৰি শতাধিক লোক ।
নিশা দৰাপক্ষক কইনা ৰাণীৰ পৰিয়ালে আপ্যায়ণো কৰায় উদৰ পূৰায় । মুঠৰ ওপৰত এজাক বৰষুণৰ অধীৰ অপেক্ষাত নলবাৰীৰ খেলোৱাবাসীয়ে আয়োজন কৰা ভেকুলীৰ বিয়াখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰ্ছি ।
উল্লেখ্য যে লোক বিশ্বাস মতে, ভেকুলীৰ বিয়া পাতিলে হেনো বৰষুণ নামে ধৰাৰ বুকুলৈ । চাৰিওফালে কৃষিভূমিত চিৰাল ফাঁট মেলিছে, কৃষকে মূৰে-কপালে হাত দিছে । সেয়ে এই বৃহৎ আয়োজনৰ ফলত এজাক বৰষুণে কৃষকৰ চিন্তা দূৰ কৰিব বুলি আশা কৰিছে অঞ্চলবাসীয়ে ।