জোনাই:অনাদিকালৰে পৰা বাথৌ ধৰ্মীয় লোক সকলে প্ৰতিবছৰে মাঘ মাহৰ দ্বিতীয় মঙলবাৰৰ দিনটোত উদযাপন কৰি আহিছে পবিত্ৰ বাথৌ পূজা । সেই অনুসৰি আন প্ৰান্তৰ লগতে এই মাঘৰ দ্বিতীয়টো মঙলবাৰে ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অঞ্চলৰ বড়ো লোকসকলে পবিত্ৰ বাথৌ পূজা উদযাপন কৰে । সদৌ বাথৌ মহাসভাৰ চিমেন আঞ্চলিক সমিতিৰ উদ্যোগত চিমেন আঞ্চলিক বাথৌ মন্দিৰত বাথৌ পূজা উদযাপন কৰা হয় ।
বাথৌ পূজা কি ?
বা মানে পঞ্চ আৰু থৌ মানে তত্ব । এই পঞ্চতত্বক বিশ্বাসী বড়ো লোকসকলে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা । অৰ্থাৎ পাঁচটা তত্বৰে গঠিত এক উপাসনা পদ্ধতি । সেই পাঁচটা তত্ত্ব হ'ল- আকাশ, পানী, বায়ু, মাটি আৰু জুই । অৰ্থাৎ যাক আমি পঞ্চভূত বুলি কওঁ । বড়োসকলৰ মূল উপাস্য দেৱতা হৈছে 'বৌৰাই বাথৌ' । বৌৰায় বাথৌ সিজু গছৰ তলত বাস কৰে বুলি এক লোক বিশ্বাস আছে । সেয়েহে বড়োসকলে বাথৌ পূজাত সিজু গছক পূজা কৰে ।
সিজু গছক কিয় পূজা কৰা হয় ?